বাংলাদেশৰ ৰাজবাৰী জিলাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনা তেনে সময়ত সংঘটিত হয়, যেতিয়া এখন যাত্ৰীবাহী বাছ দৌলতদিয়া ঘাটত ফেৰীত উঠাৰ সময়তে পদ্মা নদীত নিয়ন্ত্ৰণ হেৰুৱায় বাগৰি পৰে।
অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি বাছখনৰ ভিতৰৰ পৰা ২৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, য’ত ১১গৰাকী মহিলা, ৭গৰাকী পুৰুষ, আৰু ৫টা শিশুও আছে। ৮ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও পিছত দুগৰাকী মহিলাৰ চিকিৎসালয়ত মৃত্যু হয়। বাকীসকলৰ সন্ধান অব্যাহত আছে।
বাছখনত প্ৰায় ৪০ জন লোক আছিল। বুধবাৰে সন্ধিয়া সংঘটিত হোৱা এই দুৰ্ঘটনাটোত সেই সময়ত মাত্ৰ দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰি তদন্তৰ নিৰ্দেশ দিয়ে।
