হিমালয়ৰ সীমান্তৱৰ্তী অঞ্চলত সৃষ্ট প্ৰলংকৰী হিমবাহ স্খলন আৰু ভোটকোশী নদীৰ কালৰূপী বানে নেপালৰ কেইবাখনো জিলাত চলাইছে ভয়াৱহ সংহাৰ। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনৰ শিক্ষা খণ্ডত চৰম আঘাত পৰিছে। নেপালৰ শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি, বানপিড়িত তিনিখন জিলাৰ বিভিন্ন বিদ্যালয়ৰ ২৩৩ জন ছাত্ৰ-ছাত্ৰী আৰু ১৭ গৰাকী শিক্ষক বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। ভোটকোশী আৰু ত্ৰিশূলী নদীৰ তীব্ৰ সোঁতে ৰাসুৱা, নুৱাকোট আৰু ধাদিং জিলাৰ প্ৰায় ১৬ খন বিদ্যালয় আংশিক বা সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে। সংগৃহীত তথ্য মতে, বানৰ তীব্ৰতা ইমানেই বেছি আছিল যে বহু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে আত্মৰক্ষাৰ সময়ো নাপালে।
বহু বিদ্যালয় ভৱন আৰু আৱাসিক এলেকা পানীৰ তলত বিলীন হৈ পৰাৰ ফলত ২৩৩ জন শিক্ষার্থী আৰু ১৭ গৰাকী শিক্ষকৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰে। নেপাল সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আৰক্ষীয়ে দুর্গম অঞ্চলসমূহত উদ্ধাৰ আৰু তালাচী অভিযান অব্যাহত ৰাখিছে। অৱশ্যে দুৰ্যোগপূৰ্ণ অঞ্চলসমূহত বাট-পথ আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিধস্ত হৈ পৰাৰ বাবে নিখোজ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে সম্পৰ্ক স্থাপন বা উদ্ধাৰ কাৰ্য চলোৱাত ব্যাপক বাধাৰ সৃষ্টি হৈছে। হেলিকপ্টাৰ আৰু ড্ৰোনৰ সহায়ত জনবসতিহীন এলেকাসমূহত তালাচী চলোৱা হৈছে।
হঠাৎ অহা এই বান আৰু ভূমিস্খলনৰ ফলত ব্যাপক জনজীৱন ব্যাহত হোৱাৰ লগতে নিখোজ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ পৰিয়ালৰ মাজত তীব্ৰ হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শিক্ষা মন্ত্ৰালয়ে স্থানীয় প্ৰশাসনৰ সহযোগত এটি বিশেষ নিয়ন্ত্ৰণ কক্ষ গঠন কৰি নিখোজ ব্যক্তি আৰু দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ প্ৰকৃত তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।নেপাল চৰকাৰে সকলো উদ্ধাৰকাৰী দল আৰু সুৰক্ষা বাহিনীক নিখোজ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক শীঘ্ৰেই বিচাৰি উলিয়াবলৈ সৰ্বোচ্চ প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে।
