বিগত বছৰৰ দৰে এইবেলিও ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত ৯ মে’ৰ দিনা গুৱাহাটীৰ চানমাৰিৰ পেন্সনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ সভাপতি অভিযন্তা প্রহ্লাদ শংকৰ ভাগৱতীয়ে। স্মৃতি তৰ্পণ কৰে সমাজসেৱিকা ৰুণু দেৱী শৰ্মা আৰু অঞ্জলি চলিহাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰহ্লাদ শঙ্কৰ ভাগৱতী আৰু অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা ডঃ ত্ৰিলোচন বৰুৱাই। আনহাতে পক্ষী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাৰ আৰম্ভণিতে ৰঞ্জু গগৈ, জীৱনী ডেকা আৰু ফটিক দেউৰীৰ পৰিচালনাত পৰিষদৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰে।
আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে পৰিষদৰ সভাপতি অভিযন্তা প্ৰহ্লাদ শঙ্কৰ ভাগৱতীয়ে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ পৰিষদৰ বাৰ্ষিক মুখপত্ৰ ‘পক্ষী সংবাদ ‘ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকাই। সভাত বিশিষ্ট অতিথি হিচাপে অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈ, সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা আৰু ডঃ দয়ানন্দ পাঠকে ভাষণ প্ৰদান কৰে। সভাত নিদিষ্ট বক্তা হিচাপে ভাগ লৈ বিশিষ্ট পৰিৱেশবিদ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে বিশ্ব পক্ষী দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি পৰিৱেশ সংৰক্ষণত পক্ষীয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে তাৰ ওপৰত আলোকপাত কৰে।
সভাত হেমেন কলিতাৰ কাব্য সংকলন ‘উন্মনা’ উন্মোচন কৰা হয়। সভাত বিশ্ব পক্ষী দিৱসৰ লগত সংগতি ৰাখি পক্ষী আৰু প্ৰকৃতিৰ ওপৰত আলোচনা চক্র, স্ব-ৰচিত কবিতা পাঠ আৰু গীত- মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটো সঞ্চালনা কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে। সভাত অনাতাঁৰ শিল্পী লুইত দাসে সংগীত পৰিৱেশন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই পৰিষদৰ সম্পাদকদ্বয় হেমেন কলিতা আৰু দিলীপ বৰুৱাই।
