অসমত ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ। বর্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ২১ গৰাকী ৰোগীৰ মৃত্যু হৈছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছত আক্রান্ত ৭০ জন লোকক ভর্তি কৰোৱা হৈছে। ইয়াৰে ২১ গৰাকী ৰোগীৰ মৃত্যু হৈছে।
এতিয়াও ভর্তি হৈ আছে ২৯ গৰাকী আক্রান্ত। এই তথ্য সদৰী কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে প্ৰকাশ কৰিছে। জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই সংবাদ মাধ্যমৰ আগত কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালত সর্বাধিক চিকিৎসাধীন হৈ আছে নলবাৰী আৰু কামৰূপ গ্ৰাম্য জিলাৰ লোক।
এই সকলৰ ভিতৰত আছে ক্ৰমে নলবাৰী জিলাৰ ১৭গৰাকী, কামৰূপ গ্ৰাম্যৰ ১৭ গৰাকী, দৰঙৰ ১১ গৰাকী, ধুবুৰীৰ ১ গৰাকী, নগাঁৱৰ ৩ গৰাকী, বৰপেটাৰ ২ গৰাকী, বজালীৰ ৩ গৰাকী, কামৰূপ মহানগৰৰ ৫ গৰাকী, মৰিগাঁৱৰ ১ গৰাকী, বাক্সা ২ গৰাকী, গোলাঘাটৰ ২ গৰাকী, শোণিতপুৰৰ ৩ গৰাকী, বঙাইগাঁৱৰ ১ গৰাকী, ওদালগুৰিৰ ১ গৰাকী আৰু মেঘালয়ৰ ১ গৰাকীসহ মুঠ ৭০ গৰাকী ৰোগী। তেওঁলোকৰ চিকিৎসা চলি আছে। ইয়াৰ ভিতৰত নলবাৰীৰ ৭ গৰাকী, কামৰূপ গ্ৰাম্যৰ ৪ গৰাকী, দৰঙৰ ২ গৰাকী, বজালীৰ ২ গৰাকী, ধুবুৰীৰ ১ গৰাকী, নগাঁৱৰ ১ গৰাকী, শোণিতপুৰৰ ১ গৰাকী, বঙাইগাঁৱৰ ১ গৰাকী, ওদালগুৰিৰ ১ গৰাকী, বৰপেটাৰ ১ গৰাকীকে ধৰি মুঠ ২১ গৰাকী জাপানীজ এনকেফেলাইটিজ ৰোগত আক্রান্ত ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে।
