সকলো জল্পনা-কল্পনা আৰু প্রতীক্ষাৰ অন্ত পেলাই ১২ গৰাকী বিধায়কৰ অসম মন্ত্রীসভাৰ সদস্য হিচাপে শপতগ্রহণ। আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত ৰাজ্যপাল লক্ষণ প্রসাদ আচার্যই এই ১২জন মন্ত্রীক শপতবাক্য পাঠ কৰাই । শপতগ্রহণ অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত অশ্বিনী ৰয় সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰীকা, ডা: ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে।
