অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত ১১ জন বাংলাদেশী নাগৰিকক আটক কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে। গুৱাহাটী ৰে’ল ষ্টেচনত চেন্নাইৰ টাম্বৰাম অভিমুখী যাত্ৰাৰ পূৰ্বে চলোৱা অভিযানত আটক কৰা হয় আটাইকেইজনকে।
ৰে’ল সুৰক্ষা বাহিনীৰ সূত্ৰ অনুসৰি, আটাইকেইজনেই পুৰুষ। প্ৰাথমিক তদন্তত মেঘালয়ৰ তুৰা সীমান্তেৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ পাইছে। বাংলাদেশৰ এজন দালালৰ সহায়ত সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল বুলিও তদন্তকাৰী দলটোৱে সন্দেহ প্ৰকাশ কৰিছে।
আটক ব্যক্তিসকলৰ পৰিচয়, যাত্ৰাপথ আৰু ভাৰতত প্ৰৱেশৰ সম্পূৰ্ণ তথ্য এতিয়াও পৰীক্ষা কৰি আছে তদন্তকাৰীসকলে। তেওঁলোকৰ নথি-পত্ৰৰ সত্যাসত্যও খতিয়ান কৰি চোৱা হৈছে।
অবৈধ অনুপ্ৰৱেশৰ সৈতে জড়িত দালাল চক্ৰৰ সন্ধানত আটক ব্যক্তিসকলক জেৰা অব্যাহত ৰাখিছে ৰে’ল সুৰক্ষা বাহিনীয়ে। এই ঘটনাৰ সৈতে জড়িত এজেণ্ট আৰু আন সহযোগীসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টাও চলি আছে।
তদন্তকাৰী সূত্ৰই সদৰী কৰা মতে, এই ঘটনাৰ আঁৰত বৃহৎ অবৈধ অনুপ্ৰৱেশ নেটৱৰ্ক জড়িত থকাৰ সম্ভাৱনাও নাকচ কৰা হোৱা নাই। আন্তঃৰাজ্য আৰু আন্তঃসীমান্ত সংযোগৰ দিশসমূহ পৰীক্ষা কৰি এই চক্ৰৰ বিস্তৃতি উদ্ঘাটনৰ চেষ্টা চলাইছে তদন্তকাৰী সংস্থাসমূহে।
আনহাতে, আইনী আনুষ্ঠানিকতা সম্পন্ন কৰাৰ লগতে ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত অব্যাহত আছে।
