ৰাজ্যসভাৰ উপ-নিৰ্বাচনত ১১ জন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত

42

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত এঘাৰজন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। আনহাতে এখন আসনত ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। মঙলবাৰে প্ৰাক্তন মন্ত্ৰী উপেন্দ্ৰ কুশৱাহা, জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মনু সিংভি, কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু জৰ্জ কুৰিয়েন ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। মনোনয়ন দাখিলৰ সময়সীমাৰ পিছত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা আন প্ৰাৰ্থীসকল হ’ল কিৰণ চৌধুৰী (হাৰিয়ানা), মমতা মোহন্ত (ওড়িশা) আৰু মনন কুমাৰ মিশ্ৰ (বিহাৰ)। নখন ৰাজ্যৰ ১২ খন খালী ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, সৰ্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ইয়াৰে কেইখনমান আসন খালী হৈছিল। সোমবাৰে, চাৰিজন প্ৰাৰ্থীৰ ফলাফল ঘোষণা কৰা হৈছিল – মহাৰাষ্ট্ৰৰ বিজেপিৰ ধাইৰ্যশীল পাটিল আৰু এনচিপিৰ নিতিন পাটিল, আৰু অসমৰ পৰা বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস। এনেদৰে, ১১ জন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে, আনহাতে ত্ৰিপুৰাৰ এখন আসনত ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজিব ভট্টাচাৰ্যই চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক সুধন দাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে। বিজেপিৰ আঠজন সদস্য আৰু তেওঁলোকৰ  মিত্ৰদলৰ দুজন সদস্য নিৰ্বাচন হোৱাৰ লগে লগে ৰাজ্যসভাত এন ডি এৰ শক্তি ১১২ লৈ বৃদ্ধি পাইছে। অৱশ্যে, ২৪৫ জনীয়া উচ্চ সদনত বৰ্তমান ২৪০ জন সদস্য আছে, আৰু ছয়জন মনোনীত সদস্যৰ সমৰ্থন স্বত্বেও, এন ডি এৰ সংখ্যাগৰিষ্ঠতাৰ লাভৰ পৰা পিছত আছে।