ভাৰত আৰু বাংলাদেশে শনিবাৰে নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত সন্মত হয় আৰু সমুদ্ৰ অৰ্থব্যৱস্থা প্ৰচাৰৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ হাছিনাৰ মাজত হোৱা বিস্তৃত আলোচনাৰ সময়ত এই চুক্তিসমূহ চূড়ান্ত কৰা হয়। ডিজিটেল খণ্ডত ‘সেউজ অংশীদাৰীত্ব’ আৰু গভীৰ সম্পৰ্কৰ ওপৰত এক চুক্তি দুয়োপক্ষৰ দ্বাৰা স্বাক্ষৰিত মুখ্য চুক্তিসমূহৰ ভিতৰত আছিল। দুয়োপক্ষই ৰে’ল সংযোগৰ ক্ষেত্ৰতো এক চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – আজি আমি নতুন ক্ষেত্ৰত সহযোগিতাৰ ভৱিষ্যতৰ বাবে এক দৃষ্টিভংগীৰ কথা উল্লেখ কৰিছো। সেউজ অংশীদাৰীত্ব, ডিজিটেল অংশীদাৰীত্ব, মহাসাগৰীয় অৰ্থনীতি আৰু মহাকাশৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ যুৱপ্ৰজন্মক লাভান্বিত কৰিব। তেওঁৰ মন্তব্যত হাছিনাই ভাৰতক বাংলাদেশৰ মুখ্য চুবুৰীয়া আৰু এজন বিশ্বস্ত বন্ধু বুলি বৰ্ণনা কৰে। তেওঁ কয় যে ভাৰত হৈছে আমাৰ আগশাৰীৰ চুবুৰীয়া, নিৰ্ভৰযোগ্য বন্ধু আৰু আঞ্চলিক অংশীদাৰ। বাংলাদেশে ভাৰতৰ সৈতে তেঁওলোকৰ সম্পৰ্কক যথেষ্ট গুৰুত্ব দিয়ে।
Latest article
৩১ জানুৱাৰীৰ পৰা পাঠশালাত পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অধিবেশন
৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া বৃহৎ কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিবেশন। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক পাঠশালা অধিবেশনৰ...
সামাজিক মাধ্যমৰ বাবে ১৪ ৰ পৰা ১৬ বছৰৰ ৭৬ শতাংশ শিশুৱে ব্যৱহাৰ কৰে স্মাৰ্টফোন
১৪ ৰ পৰা ১৬বছৰ বয়সৰ ৫৭ শতাংশতকৈ অধিক শিশুৱে শৈক্ষিক উদ্দেশ্যৰ বাবে স্মাৰ্টফোন ব্যৱহাৰ কৰে। আনহাতে ৭৬ শতাংশ শিশুৱে ইয়াক সামাজিক মাধ্যমৰ বাবে ব্যৱহাৰ...
বিআইটিএছ পিলানিৰ সৈতে অংশীদাৰিত্ব ডিজিটিৰ, ইনকিউবেচন পাঠ্যক্ৰমৰ জৰিয়তে উদ্যমিতাৰ প্ৰসাৰৰ লক্ষ্য
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অধীনত প্ৰশিক্ষণ সঞ্চালকালয়ে ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছটিআই)ৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্যমিতা আৰু দক্ষতা বৃদ্ধিৰ বাবে বিআইটিএছ পিলানিৰ পিলানি উদ্ভাৱন আৰু...