ৰূপহীত ভোট বৰ্জনৰ হুংকাৰ একাংশ ৰাইজৰ

117

জুৰীয়াৰ পাৰ্শ্বৱৰ্তী চোট ৰূপহীৰ এটা পথত স্থানীয় ৰাইজৰ ভুই ৰুই অভিনব প্ৰতিবাদ।পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ।
নগাঁও জিলাৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী চোট ৰূপহীৰ ৫নং ৱাৰ্ড’লৈ যোৱা একমাত্ৰ পথছোৱাত আজি স্থানীয় ৰাইজ ওলাই আহি এক অভিনব প্ৰতিবাদ সাব্যস্ত কৰে। বছৰৰ ১২ মাহেই এই পথছোৱাত থাকে একাঠু পৰ্যন্ত বোকা।
যাতায়তৰ ক্ষেত্ৰত যমৰ’যাতনা ভোগ কৰিবলগীয়া হয় গাঁও বাসী। চোট ৰূপহীৰ ৫নং ৱাৰ্ডৰ এই পথছোৱাৰে নাযায় কোনো এম্বুলেঞ্চ অথবা জৰুৰী কালিন সেৱাৰ বাহন, যাৰ বাবে অতিষ্ঠ হৈ আজি পথছোৱাৰ ওপৰত ভূই ৰুই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। স্থানীয় বিধায়ক তথা অসম চৰকাৰক এই ৰাস্তাটো সোনকালে বনাই দিবলৈ আহ্বান জনাই।