ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ মাত্ৰ মিডিয়াত চৰ্চা লাভৰ বাবে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

185

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক লক্ষ্য কৰি সৰৱ হৈ পৰে।

বৃহস্পতিবাৰে (২৯ জুন) মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণে ৰাজ্যখনৰ ভয়াৱহ পৰিস্থিতিৰ কোনো উন্নতি আনিব নোৱাৰে।

এই ভ্ৰমণক তেওঁ এদিনীয়া সংবাদ মাধ্যমৰ কভাৰেজ বুলি অভিহিত কৰে।

বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্য মণিপুৰত উপস্থিত হয়। য’ত আৰক্ষীয়ে তেওঁক পথেৰে চুৰাচান্দপুৰলৈ যোৱাৰ পৰিৱৰ্তে হেলিকপ্টাৰেৰে যাবলৈ পৰামৰ্শ দিয়ে। হিংসাৰ আশংকা প্ৰকাশ কৰি এই আহ্বান জনায় আৰক্ষীয়ে। একে সময়তে কংগ্ৰেছে আৰক্ষীৰ এই সতৰ্কবাণী নাকচ কৰি বিজেপিৰ লেতেৰা ৰাজনীতিৰ খেল বুলি অভিহিত কৰে।

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছে। তেওঁ কয় যে কোনো ৰাজনৈতিক নেতা (ৰাহুল গান্ধী) তালৈ যোৱাৰ প্ৰয়োজন নাই, তেওঁ এই বিষয়ৰ কোনো সমাধান বিচাৰি নাপাব। হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ ভ্ৰমণৰ পৰা যদি কিবা ইতিবাচক ফলাফল আহে তেন্তে সেয়া বেলেগ কথা, নহ’লে এদিনৰ মিডিয়া কভাৰেজৰ বাহিৰে এয়া আন একো নহয়।

তেওঁ কয় যে ৰাজ্যৰ এই দুখজনক অৱস্থাৰ পৰা আমি কোনো ৰাজনৈতিক সুবিধা লোৱা উচিত নহয়। এক টুইটত হিমন্ত বিশ্ব শৰ্মাই কয় যে মণিপুৰৰ পৰিস্থিতিয়ে সহানুভূতিৰ জৰিয়তে মতানৈক্যৰ অন্ত পেলাবলৈ আহ্বান জনাইছে। তেওঁ আৰু কয় যে কোনো ৰাজনৈতিক নেতাই তেওঁৰ তথাকথিত ভ্ৰমণৰ সহায়ত মতানৈক্য বৃদ্ধি কৰাটো দেশৰ স্বাৰ্থত নহয়। তেওঁ কয় যে মণিপুৰৰ দুয়োটা সম্প্ৰদায়ে এনে প্ৰচেষ্টাক শুদ্ধভাৱে নাকচ কৰিছে।

বৃহস্পতিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত বিজেপিৰ কাৰ্যালয়ৰ সমীপত এক বৃহৎ জনসমাগম গোট খাইছিল। ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে টিয়েৰ গেছ নিক্ষেপ কৰে। ইয়াৰ পিছতে কাৰ্যালয়ৰ বাহিৰত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়।