ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল :: ৰাজ্যৰ চাফাই কৰ্মচাৰী সকলক প্ৰধানমন্ত্ৰী বীমা আঁচনিত অন্তৰ্ভুক্ত কৰা, পিপীই কিটপ্ৰদান কৰা আৰু বেচৰকাৰী চাফাই কৰ্মচাৰীক খাদ্য যোগানৰ আহ্বান জনাইছে হৰিজন মজদুৰ ইউনিয়নে। এক বিবৃতি যোগে ইউনিয়নৰ সাধাৰণ সম্পাদক দিননাথ বছফোৰে কয় ” চৰকাৰী-বেচৰকাৰী চাফাই কৰ্মচাৰীসকলে সন্মুখীন হোৱা পৰিস্থিতি অৱগত কৰি এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তক প্ৰেৰণ কৰা হৈছে। লগতে চাফাই কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ এখন তালিকা সন্নিবিষ্ট কৰা হৈছে। আনহাতে এই স্মাৰক পত্ৰ লাভ কৰাৰ পাছতে কৰ্তৃপক্ষই হৰিজন মজদুৰ ইউনিয়নকৰ সৈতে যোগাযোগ কৰি ৫০০ খাদ্য সামগ্ৰীৰ পেকেট যোগান ধৰে। আনহাতে ইউনিয়নে ৰাজ্যৰ মুখ্যসচিবলৈ প্ৰেৰণ কৰা আন এখন স্মাৰক পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য সেৱাৰ লগতে সকলো জৰুৰী সেৱাৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকলৰ বাবে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমা আঁচনিত চাফাই কৰ্মচাৰীসকলকো অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। উল্লেখ ৰাজ্যৰ মুখ্যসচিবলৈ প্ৰেৰণ কৰা উক্ত স্মাৰকপত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীকো প্ৰেৰণ কৰে।