ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ…

160

শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানক মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ প্ৰদান কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ প্ৰদান কৰে।

জানিব পৰা মতে, ৰাজ্যত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে এন পি পিয়ে মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিবলৈ সাজু হৈছে।

ইয়াৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন বিচাৰিছিল।

বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফলত মেঘালয়ত ৫৯ জনীয়া বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিয়ে ২৬খন আসনত জয়লাভ কৰে।

আনহাতে ইউডিপিয়ে ১১খন আসন লাভ কৰে। টিএমচি আৰু কংগ্ৰেছে ৫খনকৈ আসন লাভ কৰাৰ বিপৰীতে ভইচ অৱ দ্য পিপল পাৰ্টিয়ে ৪খন আসন লাভ কৰিছে।

৬০ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিবলৈ এটা দলে কমেও ৩১খন আসন লাভ কৰিব লাগিব।

ইফালে বিজেপি, এইচএছপিডিপি, পিডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ২খনকৈ আসন লাভ কৰে।

কনৰাড চাংমাই নিজৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ বাৰ্নাৰ্ড মাৰাকক পৰাস্ত কৰি দক্ষিণ তুৰা সমষ্টিত ১০,০৯০ ভোট লাভ কৰি জয়লাভ কৰে। মৰাকে ৭,২৬০টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, উত্তৰ-পূব ৰাজ্যৰ বহুকোণীয়া প্ৰতিযোগিতাত কংগ্ৰেছে আটাইতকৈ ডাঙৰ বিপৰ্যয়ৰ সাক্ষী হৈছিল। ২০১৮ চনত দলটোৱে একক বৃহত্তম স্থান লাভ কৰাৰ বিপৰীতে এইবাৰ তেওঁলোকৰ আসনৰ অংশীদাৰিত্ব একক সংখ্যালৈ হ্ৰাস পাইছে।

কংগ্ৰেছৰ এক বৃহৎ বিপৰ্যয়ত মেঘালয় ইউনিটৰ সভাপতি তথা লোকসভাৰ সাংসদ ভিনচেণ্ট পালা বিধানসভা নিৰ্বাচনত পৰাস্ত হয়। এন পি পিৰ প্ৰাৰ্থী চান্টা মেৰী শ্বিলাৰ হাতত পৰাস্ত হয়।

ছুটংগা চাইপুং বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল পালাই। তেওঁ ১৪,৮৬৬টা ভোট লাভ কৰাৰ বিপৰীতে শ্বাইলাই ১৬,৭১৯টা ভোট লাভ কৰে।