ৰাজ্যত পুনৰ ৯৮৯ জন কোভিড পজিটিভ, ১৯ জনৰ মৃত্যু

106

গুৱাহাটীঃ ৰাজ্যত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ সংখ্যা। বিগত সুদীৰ্ঘ সময়ৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা এহেজাৰ জনৰো হ্ৰাস পাইছে। সেইদৰে ৰাজ্যত কোভিড সংক্ৰমণৰ ফলত মৃত্যু ঘটা ৰোগীৰ সংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি, বিগত ২৪ ঘণ্টাত অসমত ৯৮৯ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৰাজ্যত ১৯ গৰাকী লোকৰ কোভিডৰ ফলত মৃত্যু ঘটিছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি, অসমত বৰ্তমান কোভিড পজিটিভৰ হাৰ ০.৯২ শতাংশলৈ হ্ৰাস পাইছে।

বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত সৰ্বাধিক ১৬০ জন, কামৰূপ গ্ৰাম্যত ৬৬ জন, গোলাঘাটত ৫৫ জন, নলবাৰীত ৫০ জন লোক কোভিডত আক্ৰান্ত হয়। আনহাতে এই সময়ত সৰ্বাধিক মৃত্যু হৈছে গোলাঘাট জিলাত। জিলাখনত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪ জন লোকৰ। আনহাতে যোৰহাট, কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, তিনিচুকীয়াত ২ জনকৈ ব্যক্তি কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে কাছাৰ, চৰাইদেউ, দৰং, ধুবুৰী, ডিব্ৰুগড়, মৰিগাওঁ, নলবাৰীত ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।