ৰাজ্যত পুনৰ ৩৬৫০জন কোৰোনাত আক্ৰান্ত, ৫৬জনৰ মৃত্যু

81
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ৰাজ্যত অব্যাহত আছে কোৰোনাৰ আতংক। দেওবাৰৰ দিনটোত অসমত পুনৰ ৩৬৫০জন এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত ৫৬ জন ৰোগীৰ কোভিডৰ ফলত মৃত্যু ঘটে।

স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, দেওবাৰৰ দিনটোত কামৰূপ মহানগৰত ১১৯৭জন, কাচাৰত ২৬২ জন, ডিব্ৰুগড়ত ২৪০ জন আৰু কামৰূপ গ্ৰাম্যত ২১১ জন লোক কোভিডত আক্ৰান্ত হয়। ইফালে, দেওবাৰৰ দিনটোত অসমত সুস্থ হৈ উঠে ৪২২৫জন কোভিড ৰোগী। এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩২৮৬২৯জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৪,৩৩৭৭ জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে।