গুৱাহাটীঃ ৰাজ্যত ঘোষণা কৰা হৈছে নতুন এছঅপি। কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যত শিথিল কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা। নতুন এছঅপিত নৈশ সান্ধ্য আইনৰ সময় পূৰ্বতকৈ এঘণ্টা পিছুৱাই দিয়া হৈছে। কাৰফিউ এতিয়া নিশা দহ বজাৰ পৰা পুৱা পাঁচ বজালৈ কাৰ্যকৰী হৈ থাকিব, আনহাতে দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিশা ৯ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হৈছে।
আনহাতে, ৫০ জনলৈকে সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিক মুকলি স্থানত সভা আৰু অন্যান্য সমাৱেশত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে। বিবাহ আৰু অন্যান্য বৃহৎ সমাৱেশৰ বাবে, সৰ্বাধিক ২০০ জন লোকক উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে। দুয়োটা ক্ষেত্ৰতে, সংশ্লিষ্ট জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি বাধ্যতামূলক, আৰু সকলো উপস্থিত থকাসকলে কোভিড-১৯ টিকাকৰণৰ দুয়োটা পালি গ্ৰহণ কৰিব লাগিব।
তদুপৰি, নতুন নিৰ্দেশনাৱলীত কামাখ্যা দেৱালয়, পোৱা মক্কা, দৌল গোবিন্দ আদিৰ দৰে প্ৰতিষ্ঠিত ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত ৬০ জনলৈকে ভক্তৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। আনহাতে প্ৰতি ঘণ্টাত ৪০ জন ভক্তক আন ধৰ্মীয় স্থানভ্ৰমণ ৰখাৰ অনুমতি দিয়া হৈছে। অৱশ্যে সকলো দৰ্শনাৰ্থীৰ বাবে কোভিডৰ দুয়োপালি টীকা গ্ৰহণ কৰাটো বাধ্যতামূলক।