ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা …

189

ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞানীয়ে আশংকা ব্যক্ত কৰা মতে অসমত অহা ৪-৫ দিনলৈ হব প্ৰবল বৰ্ষাপাত। ইতিমধ্যে এই আশংকালৈ লক্ষ্য ৰাখি আগন্তুক ৫ দিনলৈ ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই সময়ছোৱাত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে হ’ব পাৰে বিজুলী, ঢেৰেকনি। লগতে অসম আৰু মেঘালয়ত বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্ক কৰি দিয়া হৈছে ৰাজ্যবাসীক।