ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ FCRA অনুজ্ঞাপত্ৰ বাতিল কেন্দ্ৰীয় চৰকাৰৰ…

432

ছোনীয়া গান্ধীৰ নেতৃত্বত গঠিত বেচৰকাৰী সংস্থা ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইন চমুকৈ এফ চি আৰ এৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে কেন্দ্ৰীয় চৰকাৰে।

বিদেশী পুঁজি আইন উলংঘা কৰাৰ অভিযোগত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বাতিল কৰে সংস্থাটোৰ এফচিআৰএৰ অনুজ্ঞাপত্ৰ।

উল্লেখ্য যে, বেচৰকাৰী সংস্থাটোৱে বিদেশী পুঁজি আইন উলংঘা কৰাৰ অভিযোগৰ তদন্তৰ বাবে গৃহ মন্ত্ৰালয়েও ২০২০ চনত এখন কমিটী গঠন কৰিছিল।

একেখন তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সংগঠনটোৰ ট্ৰাষ্টীসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা।

বাতৰি অনুসৰি, ২০২০ চনৰ জুলাই মাহত এম এইচ এয়ে গান্ধী পৰিয়ালৰ সৈতে জড়িত ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনকে ধৰি এন জি অ’ সমূহৰ তদন্তৰ বাবে ইডিৰ বিষয়াৰ নেতৃত্বত এখন আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰে।

এফচিআৰএ উলংঘা কৰাৰ লগতে আয়কৰ ৰিটাৰ্ণত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছিল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে।

১৯৯১ চনত প্ৰতিষ্ঠা হোৱা ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনে স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মহিলা, শিশু আৰু শিক্ষা আদি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত কাম কৰি আহিছে।

২০২০ চনত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই দেশৰ স্বাৰ্থৰ বিৰুদ্ধে লৈ চীনৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এই ফাউণ্ডেশ্যনটোৰ বিৰুদ্ধে।