ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত চেন্নাই ছুপাৰ কিংগছ, তথাপি ‘মাহী’ৰ প্ৰশংসা

85

ডিজিটেল ডেস্কঃ ইউএইৰ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংগছৰ মাজৰ খেলখনত অৱশেষত জয় লাভ কৰিলে ষ্টীভ স্মিথৰ ৰাজস্থান ৰয়েলছে। প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰা ৰাজস্থান ৰয়েলছে প্ৰথমৰ পৰাই প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় বিধ্বংসী পৰাক্ৰম। অধিনায়ক ষ্টীভ স্মিথৰ লগতে সঞ্জু ছেমছনৰ দৰ্শনীয় অৰ্ধশতক দুটাৰে ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত ২১৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে। সঞ্জু ছেমছনে ব্যক্তিগতভাৱে ৭৪ ৰান আৰু ষ্টীভ স্মিথে ৬৯ ৰান সংগ্ৰহ কৰে।

২১৭ ৰানৰ লক্ষ্য সন্মুখত লৈ ধোনীৰ নেতৃত্বাধীন ছেন্নাই ছুপাৰ কিংগছ ক্ৰিজত নামি প্ৰথম ৫ অভাৰত দলক এক সুন্দৰ গতি প্ৰদান কৰে। কিন্তু মুৰুলী বিজয় আৰু ৱাটছনৰ উইকেট পটনৰ পিছত দলৰ ভেটি কিছু দুৰ্বল হৈ পৰে। চেন্নাই ছুপাৰ কিংগছৰ প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ফাফ ডুপ্লেছিছক প্ৰথম অৱস্থাত অতি দুৰ্বল ৰূপত দেখা যায়। অৱশ্যে পিছলৈ খেলুৱৈজনে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে যদিও তেতিয়ালৈ যেন বহু পলম হৈ গৈছিল।

ব্যক্তিগত ২২ ৰান কৰি কেডাৰ যাদৱ পেভিলিয়নমুখী হোৱাৰ পিছত অনলাইনযোগে খেল উপভোগ কৰা ক্ৰিকেট অনুৰাগীৰ হৰ্ষোল্লাসৰ মাজত ক্ৰিজত নামে অধিনায়ক মহেন্দ্ৰ সিং ধোনী। তেতিয়া ছুপাৰ কিংগছক জয়ৰ বাবে ১৫ ৰান প্ৰতি অভাৰত প্ৰয়োজন। মহেন্দ্ৰ সিং ধোনীয়ে প্ৰথম ১১টা বলত কৰে মাত্ৰ ৮ ৰান। একপ্ৰকাৰ খেলখনত তেতিয়ালৈ ৰাজস্থান ৰয়েলছৰ বিজয় নিশ্চিত হৈ পৰিছিল। ক্ৰিজত ধোনীয়ে ছুপাৰ কিংগছৰ জয়ী কৰিবলৈ নোৱাৰিলেও অন্তিম অভাৰত একেৰাহে মৰা ৩টা চিক্স মাৰে আৰু নিজৰ ব্যক্তিগত স্কৰ ২৯ ৰানলৈ বৃদ্ধি কৰে। কিন্তু খেলখনত ১৬ ৰানত জয়ী হয় ৰাজস্থান ৰয়েলছ।