ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল : আগন্তুক ৰমজান মাহত সকলো ইচলাম ধৰ্মাৱলম্বী লোকক মছজিদত সমূহীয়া তাৰাবি নামাজ পঢ়াৰ পৰিবৰ্তে ঘৰৰ ভিতৰতে থাকি নামাজ পঢ়িবলৈ ইবাদত কৰিবলৈ আহ্বান জনাইছে – এ আই ইউ ডি এফ আৰু অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত তেওঁ কয় – “কৰ’না ভাইৰাচৰ সংক্ৰমনৰ পৰা আপোনালোক নিৰাপদে থাকক ৷ এই দুৰ্যোগৰ সময়ত হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক সকলোকে সৃষ্টিকৰ্তাই সুকলমে ৰাখক ,সেয়াই আমি সদায় আল্লাহৰ উচৰত দোৱা কৰি আছো ৷ আগন্তক ৰমজান মাহ হৈছে আমাৰ ইছলাম ধৰ্মাৱলম্বী সকলৰ এটি পবিত্ৰ আৰু ডাঙৰ মাহ ৷ এই মাহত আমি ৩০ দিন ৰোজা ৰাখো,তাৰাবিৰ নামাজ পঢ়ো, তাহাজ্জুদৰ নামাজ আদি পঢি দোৱা দৰূদ কৰো ৷ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোক সকলে বেচিকৈ মচজিদলৈ গৈ সমবেত হৈ নামাজ পঢ়িব বিচাৰে, কিন্তু সাম্প্ৰতিক সময়ত মচজিদৰ পৰিবৰ্তে ঘৰতেই নামাজ আদায় কৰিবলৈ সকলোকে আহ্বান জনাই সাংসদ মৌ বদৰুদ্দিন আজমলে আৰু কয় – “এই পবিত্ৰ ৰমজান মাহত আল্লাহ তাল্লাই সকলোকে কুশলে ৰাখক, সকলোৱে ঘৰতেই নামাজ দোৱা আদি কৰক,সমগ্ৰ পৃথিবীৰ মানুহৰ কাৰনে দোৱা কৰক,শান্তিৰ কাৰনে দোৱা কৰক যাতে সৃষ্টিকৰ্তাই এই পৃথিৱীৰ পৰাই এই মহামাৰী নাইকিয়া কৰি দিয়ে বুলি সাংসদ গৰাকীয়ে ব্যক্ত কৰে ৷ লগতে অসমৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিনে নিশাই অহৰহ কৰি থকা কষ্টৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে ৷”