ৰঙিয়াত ম’হ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ‌

92

বৃহস্পতিবাৰে পুৱতিনিশা ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা স্বস্তি হস্পিতালৰ সন্মুখত এ এছ-०১- জেচি- ৫৪৮৬ নম্বৰৰ ম’হ কঢ়িওৱা ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হয়। ২৪টাকৈ ম’হ কঢ়িয়াই অনা বাহনখন দুৰ্ঘটনাত পতিত হোৱাত ২টা ম’হৰ মৃত্যু ঘটে। আনহাতে বাকী ম’হ কেইটা স্থানীয় ৰাইজে জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে মন্ত্ৰী ভৱেশ কলিতাই ঘটনাস্থলিত উপস্থিত হৈ মহকুমা প্ৰশাসনক ম’হকেইটা সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ট্ৰাক খনৰ চালক বৰ্তমানেও পলাতক অৱস্থাত আছে, যাৰবাবে ট্ৰাকখন ক’ৰ পৰা ক’লৈ যাব আহিছিল এতিয়ালৈ জানিব পৰা হোৱা নাই। প্ৰথম অৱস্থাত আৰক্ষীয়ে ম’হকেইটা চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰিছে।