৪ দিনৰ ভিতৰত ৯৪ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ আৰপিএফৰ, ৪জনক আটক

314

গুৱাহাটীঃ ২০২২ চনৰ ২৩ৰ পৰা ২৭ জুলাইৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে বিভিন্ন ষ্টেচন আৰু ৰে’লৰ পৰা ৯৪.৪৯ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে।

এন এফ ৰে’লৱেই এক বিবৃতিত জনোৱা মতে, নিষিদ্ধ সামগ্ৰীসমূহ হৈছে মৰ্ফিন, সুৰা, বিদেশী চিগাৰেট, ভাং আদি।

তদুপৰি নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আৰ পি এফে ৪জন লোকক আটক কৰে।

বুধবাৰে গুৱাহাটীৰ আৰ পি এফ আৰু চৰকাৰী ৰে’ল আৰক্ষীৰ এটা দলে গুৱাহাটী ৰে’ল ষ্টেচনত যৌথ অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা ৭০ লাখ টকাৰ ৭৩০ গ্ৰাম মৰ্ফিন আৰু ৭ লাখ টকা মূল্যৰ বিদেশত নিৰ্মিত চিগাৰেট জব্দ কৰে।

লগতে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত তিনিজন লোকক আটক কৰা হৈছে।

আন এক অভিযানত একেদিনাই বাগদোগ্ৰা ৰে’লৱে ষ্টেচনত থকা ৰাজধানী এক্সপ্ৰেছৰ পৰা ৫৯ হাজাৰ টকা মূল্যৰ সুৰা জব্দ কৰে আৰ পি এফে।

২০২২ চনৰ ২৩ জুলাইৰ পৰা ২৬ জুলাইৰ ভিতৰত আৰ পি এফে বিভিন্ন ষ্টেচন আৰু ৰে’লৰ পৰা ১৬ লাখ ৯০ লাখ টকাৰ ভাং আৰু সুৰা জব্দ কৰে।

এনে এটা অভিযানৰ সময়ত এজন অভিযুক্ত চোৰাং ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰা হৈছে।

২০২২ চনৰ জানুৱাৰীৰ পৰা জুনলৈ আৰ পি এফে ৪২৭ টা চোৰাং সৰবৰাহৰ গোচৰ ধৰা পেলাই ১৬.৯৮ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ উপৰি এই সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত ৯১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।