৩ মে’ লৈ লকডাউনৰ সময়সীমা বৃদ্ধি

88

ৰাজ্যত সকলো ধৰণৰ ৱাইন শ্বপ বন্ধৰ নিৰ্দেশ

ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি ৩ মে’ লৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজ্যত সকলো ধৰণৰ ৱাইন শ্বপ বন্ধৰ নিৰ্দেশ দিছে চৰকাৰে।তাত্‍ক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ জাৰী কৰিছে আবকাৰী বিভাগে। ৱাইন শ্বপ, ৱেৰ হাউছ, বটলিং প্লাণ্টো বন্ধৰ নিৰ্দেশ চৰকাৰৰ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব সকলো ধৰণৰ সুৰা বিপণী।