২৬ জুলাইৰ পৰা খুলিব পাৰিব উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ, কিন্তু…

125

ডিজিটেল ডেস্কঃ অহা ২৬ জুলাইৰ পৰা খুলিব পাৰিব উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। দেওবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত আলোচনাৰ অন্তত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ পুনৰ খোলাৰ অনুমতি প্ৰদান কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই।

অৱশ্যে কোভিড ভেকচিনৰ এটা বা সম্পূৰ্ণ ড’জ গ্ৰহণ কৰা শিক্ষক আৰু শিক্ষাৰ্থীসকলকহে শৈক্ষিক প্ৰতিষ্ঠানত প্ৰৱেশ কৰিব পাৰিব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, বিগত এটা সপ্তাহত কৰ্ণাটকত কোভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে। তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ নিৰ্দিষ্ট সময়ৰ বাবে খোলাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ কেতিয়া খোলা হব, সেই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই কৰ্ণাটক চৰকাৰে।