২৪ ছেপ্টেম্বৰত মোডী-বিডেনৰ বৈঠক, আলোচনাৰ মুখ্য বিষয় তালিবানৰ উত্থান

121

অহা ২৪ ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে বৈঠকত মিলিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনৰ প্ৰেছ সচিব জেন চাকীয়ে নিশ্চিত কৰিছে যে দুয়োজন ৰাষ্ট্ৰপ্ৰধান ২৪ ছেপ্টেম্বৰত হোৱাইট হাউচত মিলিত হ’ব। উল্লেখ্য যে ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণৰ পিছত প্ৰথমবাৰ নৰেন্দ্ৰ মোডী আৰু জো বিডেন বৈঠকত মিলিত হব।

অৱশ্যে, বিডেনে কেৱল নৰেন্দ্ৰ মোডীয়েই নহয়, কোৱাডত অন্তৰ্ভুক্ত আন দুখন দেশৰ প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন উপস্থিত থাকিব। ৰাষ্ট্ৰপ্ৰধান সকলৰ সৈতে বিডেনৰ বৈঠকত আফগানিস্তান স্বাভাৱিকতে আলোচনাৰ মুখ্য বিষয় হ’ব। তালিবানীৰ উত্থান দিল্লীৰ বাবে মূৰৰ বিষ হৈ পৰিছে। মোডী-বিডেন বৈঠকৰ এই পৰিস্থিতিত এক বেলেগ গুৰুত্ব আছে বুলিও ধাৰণা কৰা হৈছে।

ইফালে চীনৰ সৈতে কূটনৈতিক সম্পৰ্কও বিশেষ গুৰুত্বপূৰ্ণ হ’ব। আন্তৰ্জাতিক সম্প্ৰদায়ে চীনৰ আক্ৰমণাত্মক বাণিজ্য নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’বলৈ চাৰিখন দেশ একত্ৰিত হ’ব নে নাই সেয়া চাই আছে। এইটোও বিশ্বাস কৰা হয় যে চীনৰ ‘বেল্ট এণ্ড ৰোড’ উদ্যোগক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে। লগতে বৈঠকৰ বিষয় হ’ব পাৰে কৰোনা ভেকছিন, জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়।

২৪ ছেপ্টেম্বৰৰ বৈঠকৰ বিষয়ে জো বিডেনৰ ইণ্ডো-পেচিফিক সমন্বয়ক কুৰ্ট কেম্পবেলে কয় যে ভেকছিন কূটনীতি আৰু আন্তঃগাঁথনিৰ বিষয়সমূহ মুখ্যতঃ আলোচনা কৰা হ’ব। হোৱাইট হাউচৰ প্ৰেছ সচিব জেন চাকীয়ে কয় যে বৈঠকখনে মুখ্যতঃ বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰাৰ বাৰ্তাপ্ৰদান কৰিব। চাৰিখন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ বৈঠকত কৰোনা মহামাৰী, জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ইজনে সিজনৰ সৈতে সহযোগিতাৰ প্ৰস্তাৱ ৰখা হব।