২১ এপ্ৰিলৰ পৰা ৰাজ্যত কি কি খোলা হ’ব

62

ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্রিল :
লকডাউন অব্যাহত থকাৰ সময়ত ২১ এপ্রিল , ২০২০ ৰ পৰা অসম চৰকাৰে কার্যকৰী কৰাৰ বাবে হাতত লােৱা ব্যৱস্থাৱলী –

১ ) ২১ এপ্রিল , ২০২০ ৰ পৰা চৰকাৰী কার্যলয়সমূহ খােলা হ ‘ ব ।

২ ) অসম সচিবালয়ৰ উপ – সচিবৰ পৰা আৰম্ভ কৰি উৰ্দ্ধতন সকলাে বিষয়া নিয়মীয়াকৈ কার্যালয়ত উপস্থিত থাকিব লাগিব ।

৩ ) তৃতীয় বৰ্গ আৰু চতুর্থবৰ্গৰ কৰ্মচাৰীসকল বিভাগীয় বিষয়াৰ নির্দেশ অনুসৰি আহিব লাগিব । একে সময়তে সর্বাধিক ৩৩ শতাংশ কর্মচাৰী কাৰ্যালয়ত থাকিব পাৰিব । বিভাগে ইয়াৰ বাবে প্রয়ােজনীয় ৰােষ্টাৰ প্ৰস্তুত কৰিব ।

৪ ) উপ – সচিব , যুটীয়া সচিব , সচিব সকলে কার্যালয়লৈ নিজৰ গাড়ী ব্যৱহাৰ কৰি আহিব নােৱাৰিব । সচিবালয়ৰফালৰ পৰা বাছৰ ব্যৱস্থা কৰা হ ‘ ব । বাছ অহা – যােৱা কৰা পথ , সময় আদি বাতৰি কাকতত প্ৰকাশ কৰা হ ‘ ব ।

৫ ) সঞ্চালকালয় , স্বায়ত্বশাসিত প্রতিষ্ঠান , ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আদিত সঞ্চালকৰ পৰা সহকাৰী সঞ্চালক পর্যায়লৈকে বিষয়া কার্যালয়ত উপস্থিত থাকিব লাগিব । প্রয়ােজন সাপেক্ষে কৰ্মচাৰীক গাড়ী পঠিয়াই অনাৰ ব্যৱস্থা কৰিব ।

৬ ) মাণ্ডলিক আয়ুক্ত , উপায়ুক্ত , মহকুমাধিপতি ( অসামৰিক ) সকলে নিজৰ কাৰ্যালয়ৰ উপৰিও জিলাৰ বাকী কার্যালয়সমূহত একে ব্যৱস্থা গ্ৰহণৰ বাবে নির্দেশনা জাৰি কৰিব ।

৭ ) কার্যালয়ৰ বিষয়া – কৰ্মচাৰীৰ বাদে আন লােক কার্যালয়লৈ অহাটো নিষিদ্ধ থাকিব । তেওঁলােকৰ প্রয়ােজনীয় কাম থাকিলে নিয়ন্ত্রণ কক্ষ বা বৈদ্যুতিন মাধ্যমত যােগাযােগ কৰিব পাৰিব ।

৮ ) সকলাে বিষয়াই কার্যালয়লৈ নিজৰ পৰিচয় পত্র লৈ আহিব ।

৯ ) সকলাে বিষয়া – কৰ্মচাৰীয়ে মুখা ( মাস্ক ) পৰিধান কৰা আৰু হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ।

১০ ) কর্মক্ষেত্ৰত সকলােৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব

১১ ) কৃষি আৰু গ্ৰাম্য অর্থনীতিৰ ক্ষেত্রসমূহ খােলা থাকিব ।

১২ ) পর্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি আৰু মানসম্পন্ন কার্যসম্পাদন প্রক্রিয়া ( SOP ) অনুসৰি ঔদ্যোগিক কাম – কাজ অব্যাহত থাকিব ।

১৩ ) ই – কমার্চ আৰু ডিজিটেল অর্থনীতিৰ কাম – কাজ চলি থাকিব ।

১৪ ) স্বাস্থ্য সেৱাৰ সকলাে গােটৰ কাম – কাজ চলি থাকিব ।

১৫ ) কৃষি কাৰ্যৰ লগত জড়িত যন্ত্রপাতিৰ দোকান আৰু মেৰামতিৰ ব্যৱস্থা খােলা থাকিব ।

১৬ ) বীজ , কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ উৎপাদন আৰু বিতৰণ অব্যাহত থাকিব ।

১৭ ) কৃষি সামগ্ৰীৰ পৰিবহণ অব্যাহত থাকিব ।

১৮ ) মাছ মৰা কাৰ্য চলি থাকিব ।

১৯ ) গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যােগান অব্যাহত থাকিব ।

২০ ) গােশালা সমূহ খােলা থাকিব ।

২১ ) খাদ্য প্রস্তুতকৰণৰ উদ্যোগ খােলা থাকিব ।

২২ ) ইটা ভাটা খােলা থাকিব ।

২৩ ) জলসিঞ্চন আৰু পানী যােগানৰ লগত জড়িত কাম – কাজসমূহ অব্যাহত থাকিব ।

২৪ ) অত্যাৱশ্যকীয় সামগ্রী বিক্ৰী কৰা দোকানৰ বাদে আন বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব ।

২৫ ) তথ্য প্রযুক্তিৰ কাম – কাজ আৰু তথ্য প্রযুক্তিৰ দ্বাৰা পৰিচালিত সেৱাসমূহ ৫০ শতাংশ কর্মচাৰীৰে চলিব ।

২৬ ) শীতল ভঁৰাল , গুডাম আদি চলি থাকিব ।

২৭ ) অত্যাৱশ্যকীয় সামগ্রী , ঔষধ , স্বাস্থ্য সেৱাৰে জড়িত উদ্যোগসমূহ খােলা থাকিব ।

২৮ ) উৎপাদনৰ বাবে নিৰৱচ্ছিন্ন প্রক্রিয়া প্রয়ােজন হােৱা উৎপাদন গােটসমূহ ( Continuous process production units ) চলি থাকিব ।

২৯ ) তথ্য প্রযুক্তিৰ হাৰ্ডৱেৰ , পেকেজিং সামগ্রী , মৰাপাট উদ্যোগ খােলা থাকিব ।

৩০ ) তেল আৰু প্রাকৃতিক গেছ উদ্যোগৰ কাম – কাজ চলি থাকিব ।

৩১ ) ইলেক্ট্রিচিয়ান , পানীমিস্ত্রি , মটৰ মেকানিক , কাঠমিস্ত্রি , কম্পিউটাৰ / ম ‘ বাইল ফোন মেকানিক আদি স্বনিয়ােজিত কর্মীসকলে গ্রাহকৰ নিজস্ব চৌহদত সেৱা আগবঢ়াব পাৰিব ।

৩২ ) চিকিৎসা সেবাৰ লগত জড়িত আৰু চৰকাৰী নির্দেশনাবলী অনুসৰি অনুমতিপ্রাপ্ত যান – বাহনৰ বাদে মানুহৰ আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্রমণ ( ৰেলগাড়ী , বাছ ইত্যাদি ) বন্ধ থাকিব ।

৩৩ ) সকলাে শিক্ষা প্রতিষ্ঠান আদি বন্ধ থাকিব ।

৩৪ ) টেক্সী ( অটোৰিক্সা আৰু চাইকেল ৰিক্সাকে ধৰি ) আৰু কে সেৱা বন্ধ থাকিব ।

৩৫ ) সকলাে চিনেমা হল , মল , শপিং কমপ্লেক্স , জিমনেছিয়াম , স্পৰ্টছ কমপ্লেক্স , ছুইমিং পুল , এন্টাৰটেইনমেন্ট পার্ক , থিয়েটাৰ , বাৰ , অডিটৰিয়াম , এছেম্বলী হল আৰু এনেধৰণৰ স্থানসমূহ বন্ধ থাকিব ।

৩৬ ) সকলাে ধৰণৰ সামাজিক অনুষ্ঠানৰ আয়ােজন আৰু জনসমাগম বন্ধ থাকিব ।

৩৭ ) ৰাইজৰ বাবে সকলাে ধর্মীয় স্থান আৰু ধর্মীয় সমাগম বন্ধ থাকিব ।

৩৮ ) মৃতকৰ শেষকৃত্যৰ বাবে ২০ জনতকৈ অধিক লােক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ ‘ ব । ।

২০ এপ্রিল , ২০২০ৰ পিছত প্রব্রজিত শ্ৰমিকসকলক এখন জিলাৰ পৰা আনখন জিলালৈ তেওঁলােকৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবৰ বাবে এবাৰহে অনুমতি প্রদান কৰা হ ‘ ব । লডাউনৰ বাবে অসমৰ বহু ছাত্র – ছাত্রী , চিকিৎসাৰ বাবে যােৱা লােক আৰু শ্রমিক দেশৰ আন ৰাজ্যত আৱদ্ধ হৈ আছে । সেইদৰে , বিভিন্ন কাৰণত অসমলৈ অহা বহুলােক বর্তমান আমাৰ ৰাজ্যত আৱদ্ধ হৈ আছে । এই সংক্রান্তত ৰাজ্য চৰকাৰে সংশ্লিষ্ট ৰাজ্যসমূহৰ প্ৰশাসনৰ সৈতে যােগাযােগ অব্যাহত ৰাখিছে।