১ ছেপ্টেম্বৰত অনুষ্ঠিত হব অসম আৰক্ষীৰ ৬৬৬২ কনিষ্টবল পদৰ বাবে নিযুক্তি প্ৰক্রিয়া

147

অসম আৰক্ষীৰ ৬৬৬২ টা কনিষ্টবল পদৰ বাবে অতি শীঘ্ৰে আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া। গৃহ বিভাগে প্ৰকাশ কৰা অনুসৰি অহা ১ চেপ্টেম্বৰৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হব। আনহাতে নিযুক্তিৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকলে ২০ আগষ্টৰ পৰা নিযুক্তি বর্ডৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে, ২,৩৯১টা নিৰস্ত্র আৰু ৪,২৭১টা সশস্ত্র কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হব ১৫ খন জিলাৰ পৰা। এই জিলা কেইখন হৈছে ক্ৰমে- বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, হাইলাকান্দি,হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ (ম), কৰিমগঞ্জ,কাৰ্বি আংলং, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰি। প্ৰাৰ্থী সকলে www.slprbassam.in ৱেবছাইটৰ পৰা নিজৰ নিজৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব।

আনহাতে যিসকলে প্ৰাৰ্থীয়ে ইতিমধ্যে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে পুনৰ এই পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে।