১৫ জুলাইৰ পৰা অনুষ্ঠিত হব পাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

100
প্ৰতীকি ফটো

অহা ১৫ জুলাইৰ পৰা অনুষ্ঠিত হব পাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। এই সম্ভাৱনা ব্যক্ত কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই। আজি আছু-আবছুৰ প্ৰতিনিধিৰ সৈতে পৰীক্ষা সন্দৰ্ভত হোৱা আলোচনাত শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে কয় যে ১৫ জুলাইৰ পৰা চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে শিক্ষা সংসদ সাজু হৈছে।

উল্লেখ্য যে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুলাইৰ ১৫-২০ তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল। তাৰ পিছতে অধ্যক্ষ গৰাকীয়েও এই কথাকে প্ৰকাশ কৰিছে। গুৰুত্বপূৰ্ণ কথা স্বাস্থ্য বিভাগে আগষ্ট মাহত দিল্লীত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল যদিও ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষৰ কথা চিন্তা কৰি জুলাই মাহলৈ আগুৱাব পাৰে পৰীক্ষা। ইতিমধ্যে দুই-তিনিদিনৰ ভিতৰত পৰীক্ষাৰ সবিশেষ ছাত্ৰ- ছাত্ৰীক অৱগত কৰা হ’ব বুলিও অধ্যক্ষ গৰাকীয়ে কয়।