হোজাইৰ গাড়ীচালক শ্বিবজী পাছৱানক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ

169

সমৰ দেৱনাথ, হোজাইঃ কোভিড সৃষ্ট পৰিস্থিতিত লকডাউন আৰু চৰকাৰী বাধা-নিষেধে কোঙা কৰি পেলাইছে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক। বিশেষকৈ, গাড়ী চালক, ক্ষুদ্ৰ ব্যৱসায়ীসকল এই সময়ছোৱাত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। তাৰ মাজতে পৰিয়ালৰ কোনো এজন লোক যদি অসুস্থ, তেন্তে চিকিৎসাৰ বাবেও ধন গোটাব নোৱাৰা অৱস্থা এনে পৰিয়ালসমূহৰ।

গাড়ী চলাই পৰিয়াল পোহপাল দিয়া হোজাইৰ ৩নং ৱাৰ্ডৰ নিৱাসী শ্বিবজী পাছৱানৰো এতিয়া পানীত হাঁহ নচৰা অৱস্থা। ইফালে পৰিয়ালৰ এমুঠি ভাতৰ বাবে হাহাকাৰ, আনফালে যোৱা ৬ মাহ ধৰি যক্ষ্মা আৰু মধুমেহত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে পৰিয়ালৰ মূল উপাৰ্জনকাৰী শ্বিবজী পাছৱান।

শ্বিবজীৰ অসুস্থাত তেওঁৰ বৃদ্ধ পিতৃয়েই পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল’বলগা হৈছে। তেওঁ সৰু পাচলিৰ দোকান এখন দি পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি গোটোৱাৰ চেষ্টা কৰি আছে যদিও চৰকাৰে জাৰি কৰা সান্ধ্য আইনে তাতো বাধা প্ৰদান কৰিছে। যাৰ বাবে পুত্ৰৰ চিকিৎসা দূৰৈৰ কথা, পৰিয়ালটোৰ ভাতমুঠিও তেওঁ কেতিয়াবা যোগাৰ কৰিবলৈ অক্ষম হৈ পৰে।

শ্বিবজী পাছৱানৰ অসুস্থতাৰ খবৰ লাভ কৰি হোজাই ট্ৰাক ড্ৰাইভাৰ ইউনিয়নে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিলেও সেয়া তেওঁৰ চিকিৎসাৰ বাবে যথেষ্ট নহয়। সেয়ে কোনো সদাশয় ব্যক্তিয়ে শ্বিবজীক আৰ্থিকভাৱে সহায় কৰিবলৈ ইচ্ছা কৰিলে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

A/C No: 34335988327
Branch:bajar branch hojai
IFSC Code: SBIN0013254
Mobile No: 6001985291

একাউণ্ট যোগেও শ্বিবজী পাছৱানক সহায় কৰিব পাৰে সহৃদয়বান সকলে।