হোজাইত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত, ভাঙিলে ঘৰ-দুৱাৰ, গেলামালৰ দোকান

91

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যহস্তীয়ে চলাই অহা উপদ্ৰৱে আতংকৰ সৃষ্টি কৰি ৰাখিছে অঞ্চলবাসীৰ মাজত। প্ৰতি দিনেই বন্যহস্তীৰ জাক বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ লগতে খেতি, ঘৰ-বাৰীৰ ক্ষতিসাধন কৰে।

হোজাইৰ হাৱাইপূৰ বে গাঁৱতো দেওবাৰে নিশা বন্যহস্তীৰ জাকে তাণ্ডব চলায়। নিশা ১৭-১৮ জনীয়া এটা বন্যহস্তীৰ জাক গাঁওখনত প্ৰৱেশ কৰি জিতেন তিমুঙ নামৰ লোকজনৰ গেলামাল দোকান আৰু বাসগৃহৰ বিস্তৰ ক্ষতি কৰে। হাতীৰ জাকটোৱে জিতেন তিমুঙৰ গেলামাল দোকান ভাগি চাউল-দালি আদি খাই লণ্ডভণ্ড কৰে।

গাঁৱত গেলামাল দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰা জিতেন তিমুঙে এতিয়া মূৰে কপালে হাত দিবলগা হৈছে। উল্লেখ্য যে, হোজাইৰ বিভিন্ন প্ৰান্তত হাতীয়ে এনেদৰে তাণ্ডৱ চলাই অহাৰ পিছতো বন বিভাগে হাতীৰ সন্ত্ৰাস ৰুধিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।