হেম বৰুৱা স্মৃতি দিৱস পালন

90

ষ্টাফৰিপোৰ্টাৰ, ৯ এপ্ৰিল :: অসম গৌৰৱ হেম বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অসম গৌৰৱ, সাংসদ, কবি, সাহিত্যিক হেম বৰুৱাৰ মৃত্যু দিন পালন কৰা হ’য়। এইবাৰ এই দিৱস ৰাজহুৱা ভাৱে অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে সমিতিৰ পাঁচ গৰাকী সদস্যৰ উপস্থিতিত সমিতিৰ প্ৰধান সম্পাদক, লেখক, নিবদ্ধকাৰ কুমুদ চন্দ্ৰ ডেকাৰ বাসভৱনত পালন কৰা হয়। এই উপলক্ষে
অসম গৌৰৱ হেম বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ, বন্তি প্ৰজ্জ্বলন কৰে সভাপতি জ্যেষ্ঠ অধিবক্তা সতেন্দ্ৰ প্ৰসাদ ডেকাই। সমিতিৰ প্রধান সম্পাদক কুমুদ চন্দ্ৰ ডেকাই হেম বৰুৱাৰ সান্নিধ্যৰ বিষয়ে বিশেষভাৱে আলোচনা কৰে। অনুষ্ঠানত সমিতিৰ সদস্য মুকুল চন্দ্ৰ বৰকটকী, তিলক মহন, অধিবক্তা গৌতম কৃষ্ণ ডেকাই হেম বৰুৱাৰ বিষয়ে চমুকৈ কয়। অনুষ্ঠানত কবি লিলি দেৱীয়ে
হেম বৰুৱাৰ বিখ্যাত কবিতা “
“মমতাৰ চিঠি” আবৃত্তি কৰে। জাতীয় সংগীতেৰে সভাৰ সামৰণী পৰে।