হাতী- মানুহৰ সহাবস্থানৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ চৌপাশে সৌৰ বেৰ স্থাপন আৰণ্যকৰ

406

অসমৰ বিভিন্ন প্ৰান্তত মানৱ-হাতী সংঘাতৰ (এইচ ই চি) ক্ৰমবৰ্ধমান সমস্যাই জনসাধাৰণৰ এক বৃহৎ অংশৰ জীৱন আৰু জীৱিকা কষ্টকৰ কৰি তোলাৰ উপৰিও কেতবোৰ স্থানত শিশু শিক্ষাৰ্থীৰ শিক্ষাত ব্যাঘাত জন্মোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সম্পত্তি আৰু জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে ।

মানৱ-হাতী সংঘাত প্ৰৱণ এলেকাৰ মূল স্থানত থকা এনে বিদ্যালয়ৰ আশে-পাশে এই সংঘাত প্ৰশমন আৰু মানৱ-বন্যপ্ৰাণী সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে লোৱা পৰীক্ষামূলক পদক্ষেপৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ দুখন এল পি স্কুল আৰু এটা অংগনৱাড়ী কেন্দ্ৰৰ চাৰিওফালে সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছে ।

অসমৰ ওদালগুৰি আৰু গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত ক্ষতিগ্ৰস্ত এলেকাত একোখনকৈ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু এটা অংগনবাড়ী কেন্দ্ৰ সৌৰশক্তিচালিত বেৰেৰে সুৰক্ষিত কৰি কমেও ১৪৫ টি শিশুৰ শিক্ষা অব্যাহত থকাটো নিশ্চিত কৰা হৈছে ।

ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাজুলিত ২ নং ৰাজহ গাঁওৰ ৩৩১ নং ননকে সোণাজুলি এল পি স্কুলৰ চাৰিওফালে এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত সৌৰ বেৰ স্থাপন কৰা হৈছে ।

বনৰীয়া হাতীক বিদ্যালয় চৌহদৰ বাহিৰত ৰাখিব বুলি আশা কৰা এই সৌৰ বেৰৰ জৰিয়তে বিদ্যালয়খনৰ অসমীয়া মাধ্যমৰ ৩০ আৰু বড়ো মাধ্যমৰ ২৫ শিক্ষাৰ্থীৰ লগতে এই বিদ্যালয়ৰ সংলগ্ন ৩০ টা শিশু থকা এটা অংগনবাড়ী কেন্দ্ৰকো সুৰক্ষিত কৰি মুঠ ৮৫ টি শিশুৰ শিক্ষাক উদগনি যোগোৱা হৈছে ।

এনেধৰণৰ আন এক প্ৰকল্পৰ অধীনত আৰণ্যকে ইউ এছ ফিছ এণ্ড ৱাইল্ড্লাইফ চাৰ্ভিছৰ সহযোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ সমীপৰ আৰু ৬০ ৰো আধিক শিক্ষাৰ্থী থকা কাছিবাৰী কোচপাৰা এল পি স্কুলৰ চাৰিওফালে সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছে।

ভাৰত-ভূটান সীমাৰ ওচৰত অৱস্থিত ননকে সোণাই এল পি স্কুলখন ১৯৬২ চনত স্থাপন কৰা হৈছিল । বিদ্যালয়খনত তিনিজন শিক্ষক আৰু দুগৰাকী ৰান্ধনী আছে। বিগত পাঁচ বছৰত বছৰি কেইবাবাৰো বনৰীয়া হাতীয়ে বিদ্যালয় ভৱন ভাঙিবলৈ চেষ্টা কৰিছে যদিও গাঁওবাসীৰ সতৰ্কতাৰ বাবে বিদ্যালয়খন ৰক্ষা পৰিছে । যোৱা বছৰ বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ ক্ষতিসাধন কৰি পাকঘৰত জমা কৰি ৰখা শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ চাউল আৰু অন্যান্য খাদ্য সামগ্ৰীবোৰ খাই পেলাইছিল।

অঞ্জন বৰুৱাৰ নেতৃত্বত দিবাকৰ নায়ক, ৰূপম গয়াৰী আৰু বিকাশ টোছাৰে গঠিত আৰণ্যকৰ দলে চলিত বৰ্ষৰ ১৯ অক্টোবৰত বিদ্যালয়খনত সৌৰশক্তিচালিত বেৰ স্থাপনৰ উদ্যোগ গ্ৰহণ কৰে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন গয়াৰী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিবীন্দ্ৰ বসুমতাৰী আৰু স্থানীয় একাংশ যুৱকে আৰণ্যকক এই বেৰ সম্পূৰ্ণ কৰাত সহায় কৰে।

গোৱালপাৰা জিলাৰ কাছিবাৰী কোচপাৰা এল পি স্কুল ১৯৮১ চনত স্থাপন কৰা হৈছিল । প্ৰধান শিক্ষয়িত্ৰী মুনুৰাণী সৰকাৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী নমিতা কোচৰ মতে, বনৰীয়া হাতীয়ে সঘনাই বনাঞ্চলৰ ভিতৰে বাহিৰে ঘূৰি ফুৰাৰ উপৰিও এই অঞ্চলত দিনৰ ভাগত জিৰণি লৈ থাকে ।