ডিজিটেল ডেস্কঃ মাটিত নহয়, হাতীত যোগাভ্যাসৰ প্ৰশিক্ষণ দিছিল গুৰুৱে। পূৰ্বে কোনেও নকৰা ধৰণে গুৰুৱে দেখুৱাব বিচাৰিছিল তেওঁৰ যোগ সাধনা। কিন্তু ভৱা মতেই নহ’লগৈ। যোগ সাধনাৰ মাজতে লাগিল কেৰোণ। যাৰ বাবে হাতীৰ পৰা সৰি পৰিল মাটিত।
যোগ সাধনাক সুপৰিচিত কৰাত অগ্ৰণী ভূমিকা পালন কৰি অহা যোগগুৰু বাবা ৰামদেৱৰ এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে হাঁহিৰ ৰস পাইছে নেটিজেনসকলে। বিভিন্নজনে অৱশ্যে ইতিকিঙো কৰিছে ৰাম দেৱক। কিন্তু সেয়া যিয়েই নহওক, এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা ৰামদেৱৰ এই ভিডিঅ’টো এতিয়া নেটিজনৰ চৰ্চাৰ বিষয়।
দৰাচলতে উত্তৰ প্ৰদেশৰ মথুৰাত এক যোগ প্ৰশিক্ষণ কেন্দ্ৰত যোগাভ্যাসৰ শিক্ষা প্ৰদান কৰি আছিল যোগগুৰু বাবা ৰামদেৱে। কিন্তু সেইদিনা তেওঁ যোগাভ্যাস মাটিত নকৰি কৰিছিল গজৰাজৰ পিঠিৰ ওপৰত। কিন্তু গজৰাজে লৰচৰ কৰাত, পিঠিত বহি যোগ সাধনা কৰা বাবা ৰামদেৱৰো সন্তুলন হেৰায়। যাৰ বাবে হাতীৰ পিঠিৰ পৰা তেওঁ তললৈ বাগৰি পৰে।
অৱশ্যে কোনো গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে যোগগুৰু ৰামদেৱ। কিন্তু ছ’চিয়েল মিডিয়াত এতিয়া এই ভিডিঅ’টোক লৈয়ে চৰ্চা চলিছে। কোনো কোনো ভিডিঅ’টো শ্বেয়াৰ কৰি এয়াও কৈছে যে বাবা ৰামদেৱ হেনো আসনৰ পৰা খহি পৰিল।