শতাধিক বাহন জব্দ
ষ্টাফৰিপোৰ্টাৰ, ১১ এপ্ৰিল :: গুৱাহাটীৰ বৃহত্তৰ হাতীগাৱ অঞ্চলত একাংশ লোকে পদে পদে উলংঘা কৰিছে লকডাউন। সমান্তৰালকৈ চৰকাৰী অনুমতিবিহীন বাহনত অনুৰূপ পৰিবেশৰ সৃষ্টি কৰিছে। নিৰাপত্তাৰক্ষীৰ ভুমিকাত অসাৰ হোৱাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ বিগত এসপ্তাহ ধৰি লকডাউনৰ উলংঘা কৰি একাংশ লোকে বজাৰ-সমাৰ কৰা, জুম পাতি থকা আৰু সামাজিক দূৰত্ব মানি নচলা ঘটনা পৰিলক্ষিত হৈছে। বিশেষকৈ হাতীগাৱ, সিজুৱাৰী, ভেটাপাৰা, নটবমা, ঘোঁৰামাৰা আদি এলেকাত ব্যাপক জনসমাগম পৰিলক্ষিত হৈছে। শনিবাৰে হাতীগাৱ-সিজুৱাৰী পথত সাহাৰ্য্য নিবলৈ অহা সহস্ৰাধিক লোকে লকডাউন ভংগ কৰি গাতে গা লগাই দীঘলীয়া শাৰী পাতি থিয় হোৱা ঘটনাই সচেতন ৰাইজক ভবাই তুলিছে। হাতীগাৱ থানাৰ আৰক্ষীয়ে সকলো দেখি-শুনিও নীৰৱ ভূমিকা লোৱা কার্যক স্থানীয় ৰাইজে সমালোচনা কৰিছে। ইফালে হাতীগাৱ চাৰিআলিত লকডাউন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে বিগত দুদিনত অনুমতি বিহীন শতাধিক দুচকীয়া আৰু চাৰিচকীয়া বাহন জব্দ কৰাৰ লগতে গোচৰ ৰুজু কৰিছে।