হাজোত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ মহিলাক আটক

94

ৰাজ্যত ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ৰাখিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ হাজোৰ দলৈটোলাত লতাশিল আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বুধবাৰে লতাশিল আৰক্ষীয়ে আটক কৰা বাবুল চৌধুৰী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত লতাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হাজো আৰক্ষীৰ সহযোগত দলৈটোলাৰ হামিদা বিবি নামৰ মহিলাগৰাকীৰ ঘৰত অভিযান চলায়।

আৰক্ষীয়ে এই অভিযানকালত মহিলাগৰাকীৰ ঘৰৰ পৰা ১৬ গ্ৰাম হে’ৰইন, ১ লাখ ৪০ হাজাৰ টকা নগদ ধন আৰু বহু পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে হামিদা বিবিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।