সৰ্থেবাৰীত ভয়ংকৰ পথ দুর্ঘটনা

67

সৰ্থেবাৰীৰ কমাৰপাৰাত ভয়ংকৰ পথ দুর্ঘটনা থিতাতে নিহত এজন।
সৰ্থেবাৰীৰ পৰা ব্যাসকুচি গাঁৱলৈ আহি থকা অৱস্থাত বিদ্যুৎৰ খুটাত খুন্দা মৰাৰ ফলত দুর্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত এজন থিতাতে নিহত হয় আৰু এজন গুৰুতৰ ভাবে আহত হয়।জানিব পৰা মতে নিহত লোকজন ব্যাসকুচি গাওঁৰ শৈলেন বৰ্মনৰ একমাত্ৰ পুত্ৰ দীপ জ্যোতি বৰ্মন (২৩) ।এ এছ- ১৫- টি- ৬৩৩৩ নম্বৰৰ বাইকৰে নিশা সৰ্থেবাৰীৰ পৰা ঘৰলৈ আহি থাকা সময়ত কামাৰপাৰাত বিদ্যুৎৰ খুটাত খুন্দিওৱাৰ ফলত থিতাতে নিহত হয়।তেখেতৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।