স্বদেশত উপস্থিত বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া

117

হাতত টি-২০ বিশ্বকাপ ট্ৰফীলৈ বৃহস্পতিবাৰে পুৱাই স্বদেশত উপস্থিত হৈছে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানৰে আজি পুৱা দিল্লী বিমান বন্দৰত উপস্থিত হয় বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেট দল।বিমান বন্দৰত টীম ইণ্ডিয়াৰ খেলুৱৈসকলক উষ্ম আদৰণি জনাই পোনে পোনে হোটেললৈ নিয়া হয়। তাত কিছু সময় বিশ্ৰাম কৰি ১১-০০ বজাত তেঁওলোক যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহলৈ।