ষ্টাফৰিপোৰ্টাৰ,১০ এপ্ৰিল : কা বিৰোধী সমন্বয় সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে ৬ এপ্ৰিলত বোকাখাতৰ জীপাল কৃষি-শ্ৰমিক সংঘৰ উপদেষ্টা, ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি, সংগ্ৰামী শিল্পী-সংগঠক সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেক পুলিচে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু শীঘ্ৰে নেতা দুগৰাকীক মুক্তি দিবলৈ দাবী কৰিছে। প্ৰেছ বিজ্ঞপ্তিত কয় “সাধাৰণ ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সততে মাত মাতি অহা নেতা দুয়োগৰাকীয়ে ‘কা’ বিৰোধী আন্দোলনত জনগণক সংগঠিত কৰাত বিশেষ ভুমিকা লৈছিল। লক ডাউনৰ সময়চোৱাতো জীপাল কৃষি-শ্ৰমিক সংঘই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আছিল। শেহতীয়াভাবে জীপালৰ পক্ষৰ পৰা কাজিৰঙা সমবায় সমিতিৰ প্ৰায় ৯০০ কুইণ্টল চাউলৰ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ বাবে দাবী জনাইছিল। প্ৰশাসনৰ তৰফৰ পৰা সাক্ষ্য গ্ৰহণৰ বাবে তেওঁলোকক আৰক্ষী চকীলৈ মাতি নিয়া হৈছিল। তেওঁলোকৰ ওপৰত ২০১৮ চনতে ৰুজু হৈ থকা ২৯০ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে আৰু বোকাখাত আদালতে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। যি সময়ত গোটেই দেশখনতে ‘কভিড-১৯’ মহামাৰীৰ পৰিপ্ৰেক্ষিতত জেল হাজোতত বন্দী হৈ থকা কয়দী সকলক মুক্তি দিয়া হৈছে, সেই সময়ত পুৰণি গোচৰ খুচৰি এনেদৰে জেললৈ পঠোৱা কাৰ্য প্ৰশাসন তথা চৰকাৰৰ স্বৈৰাচাৰিতা আৰু ফেচিবাদৰ মুক্ত প্ৰকাশ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিয়ে কৃষি-শ্ৰমিক তথা সংগ্ৰামী নেতাদ্বয়ক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু এনেধৰণৰ দমন নীতিৰে সংগ্ৰামী সত্বাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰি বুলি সকিয়াই দিছে। সমন্বয় সমিতিয়ে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নেতাদ্বয়ক শীঘ্ৰে মুক্তিৰ দাবী বিবৃতি যোগে জনাইছে সমিতিৰ সভাপতি
ড০ হীৰেন গোহাই আৰু সমন্বয়ক
দেবেন তামুলীয়ে।