সুশান্ত সিঙৰ প্ৰাক্তন বিজনেছ মেনেজাৰ আৰু ঘনিষ্ঠ বন্ধুলৈ চমন জাৰি ইডিৰ…

88

ডিজিটেল ডেস্ক:- অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডক লৈ তদন্ত অব্যাহত ৰখা ইডি শুকুৰবাৰে চমন জাৰি কৰি অভিনেতাজনৰ প্ৰাক্তন বিজনেছ মেনেজাৰ শ্ৰুতি মোডীক দিনটোৰ ভিতৰত ইডিৰ সন্মুখত হাজিৰ হবলৈ নিৰ্দেশ দিছে।

আনহাতে সুশান্তৰ ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত সিদ্ধাৰ্থ পিঠানীকো শনিবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হবলৈ নিৰ্দেশ দিছে তদন্তকাৰী দলটোৱে।

উল্লেখ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু কাণ্ডৰ তদন্ত আৰম্ভ কৰি চিবিআই-য়ে বৃহস্পতিবাৰে অভিনেতাজনৰ প্ৰাক্তন প্ৰেয়সী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীসহ ৬জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।