সামৰণি পৰিল মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনৰ উদ্ধাৰ অভিযানৰ।
বুধবাৰে এই অভিযানৰ অন্ত পৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।
উল্লেখ্য যে, এতিয়ালৈকে এই ভূমিস্খলনত নিহত ৬১ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
১৮ জনক উদ্ধাৰ কৰা হৈছে জীৱন্তে।
নিহত সকলৰ ভিতৰত ৩০ জনেই হৈছে টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী।
আনহাতে এতিয়াও সন্ধানহীন হৈ আছে ৫ জন লোক।
যোৱা ৩০ জুনৰ নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলন।
মণিপুৰৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ ভূমিস্খলন হিচাপে পৰিচিত এই দুৰ্ভাগ্যজনক ঘটনাই শোকৰ বন্যা নমাইছে অসমতো।
অসমৰো কেইবাজনো শ্ৰমিক নিহত হয় এই ভূমিস্খলনত।