সাম্প্রতিক জটিল পৰিস্থিতি সন্দৰ্ভত তৰুণ গগৈৰ মন্তব্য

93

ষ্টাফৰিপোৰ্টাৰ, ৯ এপ্ৰিল : সাম্প্রতিক জটিল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে অনতিপলমে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰক বুলি প্ৰাক্তন মুখ্যমন্ত্রী
তৰুণ গগৈয়ে কয়। প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীয়ে লগতে কয় ” দৈনিক মজদুৰ ,কৃষক, শ্ৰমিক,পশুপালক, মীনপালক, চাহ মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিৰ লগতে দুখীয়া-দৰিদ্র সীমাৰেখাৰ লোকসকলৰ সাহায্যৰ বাবে চৰকাৰে অনতিপলমে গ্রহণ কৰক এখন “সম্পূর্ণ আঁচনি “। ৰাজ্যখনে সন্মুখীন হ’বলগীয়া সম্ভাব্য অৰ্থনৈতিক সংকটৰ মুখামুখি হোৱাৰ বাবে চৰকাৰে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ক্ষেত্রৰ বিশেষজ্ঞ সকলৰ লগত বিশদ আলোচনা কৰি এখন ‘এক্সন প্লেন”‘ গ্রহণ কৰক। সম্ভাব্য অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগ, পশুপালন বিভাগ, যোগান বিভাগ আদিয়ে যিধৰণৰ ক্ষিপ্রতাৰে যাৱতীয় ব্যৱস্থা আৰু আঁচনি গ্রহণ কৰিব লাগিছিল তাক গ্রহণ কৰাত ব্যর্থ হৈছে।