সমগ্ৰ ভাৰতবৰ্ষৰত ৩ মে’লৈ চলিবলগীয়া লকডাউনৰ সময়চোৱাত কি খোলা আৰু কি বন্ধ থাকিব

89

ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল : সমগ্ৰ ভাৰতবৰ্ষৰত ৩ মে’লৈ চলিবলগীয়া লকডাউনৰ সময়চোৱাত কি খোলা আৰু কি বন্ধ থাকিব।সেয়া তলত উল্লেখ কৰা হ’ল—–
বন্ধ থাকিব নিম্ন লিখিতসমূহ
১ | সকলাে প্ৰকাৰৰ ঘৰুৱা আৰু আন্তর্জাতিক বিমান চলাচল বন্ধ থাকিব ।

২ । নিৰাপত্তাজনিত কাৰণৰ বাহিৰে | সকলাে যাত্রীবাহী ৰেলৰ চলাচল বন্ধ ।

৩ | ৰাজহুৱা বাছ পৰিবহণ বন্ধ থাকিব ।

৪ | মেট্র ’ ৰেল সেৱা বন্ধ থাকিব ।

৫ | চিকিৎসাজনিত বা গাইডলাইনত অনুমােদিত কাৰকৰ বাদে কোনাে লােকৰে আন্তঃজিলা আৰু আন্তঃৰাজ্যিক চলাচল বন্ধ থাকিব ।

৬ । সকলাে শিক্ষানুষ্ঠান , প্রশিক্ষণ , কোচিং প্রতিষ্ঠান বন্ধ থাকিব ।

৭ । সকলাে ধৰণৰ ঔদ্যোগিক আৰু
বাণিজ্যিক কার্যকলাপ বন্ধ ( কেৱল । গাইডলাইনত অনুমােদিত নির্দিষ্ট কার্যকলাপৰ বাহিৰে ) ।

৮ । হােটেল , ৰিজর্ট , ধাবা আদি বন্ধ ।

৯ ) টেক্সী , অট ‘ ৰিক্সা , ৰিক্সা , কেব সেৱা বন্ধ ।

১০ । সকলাে ধৰণৰ সামাজিক , ৰাজনৈতিক , ক্রীড়া , বিনােদন , শৈক্ষিক , সাংস্কৃতিক , ধর্মীয় বা অন্যান্য সমাবেশত নিষেধাজ্ঞা ।

১১ । ৰাইজৰ বাবে বন্ধ থাকিব সকলাে ধর্মীয় অনুষ্ঠান । ধর্মীয় সমাবেশ নিষেধ ।

১২ । অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত ২০জনতকৈ । অধিক লােকৰ সমাবেশত নিষেধাজ্ঞা ।

** ‘ হটস্পট’ চিহ্নিত অর্থাৎ কৰনাৰ আক্ৰমণত বৃহৎভাৱে আক্রান্ত অঞ্চলত সকলাে ধৰণৰ কার্যকলাপ বন্ধ থাকিব । জৰুৰীকালীন সেৱাৰ বাহিৰে সকলাে এ ধৰণৰ চলাচল এই অঞ্চলত বন্ধ থাকিব ।

*২০ এপ্রিলৰ পৰা অনমােদন লাভ কৰিবলগীয়া নির্ধাৰিত কার্যকলাপ আৰম্ভ কৰা হ’ব ।
**স্বাস্থ্য খণ্ড আৰু ইয়াৰ আনুষংগিক সকলাে অনুষ্ঠান প্ৰতিষ্ঠানৰ কার্যকলাপ অব্যাহত থাকিব ।
**কৃষি খণ্ড আৰু আনুষংগিক কাম – কাজত শিথিলতা
১ । কৃষক আৰু কৃষি শ্রমিকে খেতিপথাৰত কাম কৰিব পাৰিব ।

২ । কৃষিজাত সামগ্রী ক্রয় কৰা সংস্থাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।

৩ । কৃষি উৎপাদন বিপণন সমিতি ( এ পি এম চিয়ে পৰিচালনা কৰা বজাৰ অথবা ৰাজ্য চৰকাৰে চিনাক্ত কৰা বজাৰসমূহ মুকলি কৰা হ ‘ ব । ৰাজ্য চৰকাৰ অথবা উদ্যোগে কৃষক , কৃষকৰ গােট , সমবায় সমিতি আদিৰ পৰা ক্ৰয় কৰিব পাৰিব । বিকেন্দ্রীকৃত বজাৰ আৰু গাঁও পর্যায়ত ক্ৰয়ৰ । ব্যৱস্থা কৰিব পাৰিব ।

৪ । কৃষিখণ্ডত ব্যবহৃত সঁজুলি আৰু ইয়াৰ সতে জড়িত সামগ্ৰীৰ দোকান খােলা থাকিব ।

৫ । সাৰ , কীটনাশক আৰু বীজ উৎপাদন , বিতৰণ আৰু বিক্ৰী অব্যাহত থাকিব ।

৬ । কৃষি খণ্ডৰ স ‘তে জড়িত যন্ত্রাদিৰ আন্তঃৰাজ্যিক সৰবৰাহ কৰিব পাৰিব ।

৭ । মৎস্য পালন আৰু ইয়াৰ স ’তে জড়িত সকলাে আনুষংগিক কাম – কাজৰ ক্ষেত্ৰত শিথিলতা । প্রদান কৰা হৈছে ।

৮ ) ৫০ শতাংশ শ্রমিকক লৈ চাহ , কফি আৰু ৰবৰৰ খেতিৰ কাম কৰিব পাৰিব ।

৯ । চাই , কফি , ৰবৰ আৰু কাজুৰ পেকেজিং , বিক্রী , সংসাধনৰ ক্ষেত্ৰতাে ৫০ শতাংশ কর্মী নিয়ােগ কৰিব পাৰিব ।

১০ | গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন , সংগ্রহ , সংসাধন , বিতৰণ আৰু বিক্রীত ৰেহাই দিয়া হৈছে ৷

১১ | পশুপালনৰ ক্ষেত্ৰত জড়িত আনুষংগিক কাম – কাজত ৰেহাই দিয়া হৈছে ।

**বিত্তীয় খণ্ডত ৰেহাই —
১ । ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া ( আৰ বি আই ) আৰু ইয়াৰ দ্বাৰা পৰিচালিত বিত্তীয় বজাৰ আৰু বিভিন্ন খণ্ডসমূহৰ ক্ষেত্ৰত শিথিলতা থাকিব ।

২ । বেংকৰ শাখাসমূহ , এ টি এম আৰু বেংকৰ কার্যকলাপৰ স ’ তে জড়িত কাম – কাজত ৰেহাই ।

৩ । হিতাধিকাৰীলৈ পােনপটীয়া ধন প্ৰদানৰ কাম – কাজৰ অন্ত নপৰালৈ বেংকৰ শাখাসমূহে স্বাভাৱিক কর্মঘণ্টা অনুসৰি কাম কৰিব লাগিব ।

৪ । স্থানীয় প্রশাসনে বেংকৰ শাখাসমূহত যথােচিত নিৰাপত্তা প্রদান কৰিব লাগিব , যাতে সামাজিক দূৰত্ব আদিৰ দৰে নীতি – নিয়ম , আইন – শৃংখলা পৰিস্থিতি অটুট থাকে ।

***সামাজিক খণ্ড — —
১ । শিশু , শাৰীৰিক – মানসিক প্রতিবন্ধী , জ্যেষ্ঠ নাগৰিক , গৃহহীন , মহিলা আৰু বিধবা মহিলাৰ বাবে থকা আরাসগৃহ মুকলি থাকিব ।

২ । পর্যবেক্ষণ গৃহসমূহ মুকলি থাকিব ।

৩ । অংগনৱাড়ী কৰ্মীৰ কাম – কাজ অব্যাহত থাকিব । তেওঁলােকে ১৫ দিনত এদিনকৈ হিতাধিকাৰীক খাদ্য সামগ্রী বিতৰণ কৰিব লাগিব । হিতাধিকাৰীসকল অংগনৱাড়ীৰ ওচৰলৈ যাব নালাগে ।

**অনলাইন শিক্ষাত গুৰুত্ব —
১ । সকলাে শৈক্ষিক , প্রশিক্ষণ আৰু কোচিং প্রতিষ্ঠান বন্ধ থাকিব ।

২ । অৱশ্যে এইসমূহ অনুষ্ঠান – প্রতিষ্ঠানে অনলাইন শিক্ষাৰ জৰিয়তে শৈক্ষিক কর্মসূচী অনুসৰণ কৰিব লাগিব ৷

**এম জি এনৰেগাত ৰেহাই ::

১ । কঠোৰভাৱে সামাজিক দূৰত্ব ৰক্ষা আৰু মাস্ক পৰিধানৰ নিয়ম বৰ্তাই ৰাখি এম জি এনৰেগা । কর্মীসকলে কাম কৰিব পাৰিব ।

২ । এই ক্ষেত্রত জলসিঞ্চন আৰু জল সংৰক্ষণৰ কামত অগ্রাধিকাৰ দিয়া হ ‘ ব ।

** নিম্ন উল্লিখিত ব্যক্তিগত আৰু বাণিজ্যিক প্রতিষ্ঠানসমূহৰ কাম – কাজত অনুমােদন
১ । ছপা আৰু ইলেকট্রনিক মিডিয়া ।

২ । তথ্য প্রযুক্তি আৰু এই সম্পর্কীয় সেৱা ।

৩ । কেৱল চৰকাৰী কার্যকলাপৰ বাবে মুকলি থাকিব ডাটা আৰু কল চেণ্টাৰ ।

৪ । অনলাইন বাণিজ্যৰ কোম্পানীসমূহ । এনে কোম্পানীয়ে ব্যৱহাৰ কৰা বাহনসমূহে প্রয়ােজনীয় অনুমােদনসহ চলাচল কৰিব পাৰিব ।

৫ ) কোৰিয়াৰ সেৱা ।

৬ । শীতল ভৰাল আৰু পণ্যাগাৰ আদিৰ সেৱা মুকলি থাকিব ।

৭ । তলাবন্ধৰ ফলত আবদ্ধ হৈ পৰা লােক , চিকিৎসা কর্মী আদিক আশ্রয় দিয়া হােটেল , লজ , মাটেল আদি মুকলি থাকিব ৷

** উদ্যোগ খণ্ডত ৰেহাই
১ । গ্রামাঞ্চল অর্থাৎ পৌৰ অঞ্চলৰ বাহিৰৰ উদ্যোগসমূহ মুকলি কৰা হ ’ ব ।

২ । বিশেষ অর্থনৈতিক মণ্ডল আৰু আমদানিৰ স ‘ তে জড়িত গােট , উদ্যোগ পাম আৰু উদ্যোগ । নগৰীৰ স ’ তে জড়িত উৎপাদন অথবা অন্যান্য ঔদ্যোগিক প্রতিষ্ঠান মুকলি থাকিব । এইসমূহ প্রতিষ্ঠানে শ্ৰমিকসকলক যিমানদূৰ সম্ভৱ কৰ্মীসকলক নিজ প্রতিষ্ঠানৰ চৌহদ অথবা সংলগ্ন গুহত ৰখাৰ ব্যৱস্থা কৰিব লাগিব । কর্মীসকলক কর্মস্থানলৈ অহা – যােৱাৰ ব্যৱস্থা স্বত্বাধিকাৰীয়ে নির্দিষ্ট । বাহনযােগে কৰিব লাগিব আৰু এই ক্ষেত্ৰত সামাজিক দূৰত্ব ৰক্ষা কৰিব লাগিব ।

৩ | জৰুৰীকালীন সামগ্রী , দৰব আদি প্ৰস্তুত কৰা গােট মুকলি থাকিব ।

৪ । পৌৰ অঞ্চলৰ বাহিৰত খাদ্য সংসাধন উদ্যোগ মুকলি থাকিব ।

৫ | তথ্য প্রযুক্তিৰ হাৰ্ডৱেৰ উৎপাদনকাৰী উদ্যোগ । ৬ । কয়লা উৎপাদন , খনি আৰু খনিজাত সামগ্রী উৎপাদন , সৰবৰাহ আৰু ইয়াৰ স ’ তে জড়িত । আনুষংগিক কার্যকলাপত ৰেহাই ।

৭ | পেকেজিং সামগ্রী প্রস্তুতকাৰী ইউনিট মুকলি থাকিব ।

৮ | সামাজিক দূৰত্বৰ নীতি পালন কৰি মুকলি কৰা হ ’ ব মৰাপাট উদ্যোগ ।

৯ । তেল আৰু গেছৰ খনন আৰু শােধন কার্য মুকলি থাকিব ।

১০ । পৌৰ অঞ্চলৰ বাহিৰৰ অর্থাৎ গ্রামাঞ্চলত ইটাভাটা মুকলি কৰা হ ‘ ব ।

** নির্মাণ কার্য —

১ । পৌৰ অঞ্চলৰ বাহিৰৰ পথ , জলসিঞ্চন প্রকল্প , গৃহ নির্মাণকে ধৰি গ্রামাঞ্চলত থকা ক্ষুদ্ৰ আৰু মধ্যম খণ্ডৰ সকলাে ধৰণৰ উদ্যোগ প্রকল্পৰ কাম আৰম্ভ হ ‘ ব ।

২ । পুনৰ নৰীকৰণ শক্তি প্রকল্প নির্মাণ ।

৩ । পৌৰ অঞ্চলৰ ভিতৰত যিসমূহ নির্মাণ প্রকল্পত বাহিৰৰ পৰা শ্ৰমিক অনাৰ প্ৰয়ােজন নাই তেনে নির্মাণ প্রকল্পৰ কাম আৰম্ভ হ ‘ ব । .

** সীমিত ৰূপত মুকলি হ ‘ ব কেন্দ্রীয় চৰকাৰৰ কার্যালয়::
১ । প্রতিক্ষা , কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী , স্বাস্থ্য আৰু পৰিয়াল কল্যাণ , দুর্যোগ ব্যৱস্থাপনা আৰু আগতীয়া সতর্ক প্রদানকাৰী সংস্থা , ৰাষ্ট্ৰীয় তথ্য কেন্দ্র , খাদ্য নিগম , এন চি চি , নেহৰু যুৱ কেন্দ্র আৰু শুল্ক বিভাগৰ ক্ষেত্ৰত কোনাে ধৰণৰ নিষেধাজ্ঞা নাথাকিব ।

২ । সকলাে মন্ত্রণালয় , বিভাগ আৰু কাৰ্যালয়ত উপ – সচিব আৰু ইয়াৰ ওপৰৰ পৰ্যায়ৰ বিষয়াসকল এশ শতাংশই উপস্থিত থাকিব লাগিব । বাকীসকল বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতি প্রয়ােজন অনুসৰি ৩৩ শতাংশ পর্যন্ত হ ’ ব লাগিব ।

** সীমিত ৰূপত মুকলি হ ‘ ব ৰাজ্য চৰকাৰৰ কাৰ্যালয় ::
১ । আৰক্ষী , গৃহৰক্ষী বাহিনী , অসামৰিক প্ৰতিৰক্ষা , অগ্নিনির্বাপক বাহিনী , দুর্যোগ ব্যৱস্থাপনা , কাৰাগাৰ আৰু পৌৰ সেৱাসমূহ কোনাে ধৰণৰ নিষেধাজ্ঞা নথকাকৈ অব্যাহত থাকিব ।

২ । ৰাজ্য চৰকাৰৰ সকলাে বিভাগে সীমিত কর্মচাৰীৰে কাম কৰিব লাগিব । ‘ এ ’ আৰু ‘ বি ’ গােটৰ বিষয়াসকলে প্রয়ােজন অনুসৰি কার্যালয়লৈ আহিব পাৰে । “ চি ’ গােট আৰু ইয়াৰ তলৰ পৰ্যায়ৰ কর্মচাৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখি মুঠ শক্তিৰ ৩৩ শতাংশ পর্যন্ত কার্যালয়ত উপস্থিত থাকিব পাৰিব । অৱশ্যে ৰাইজৰ সেৱা নিশ্চিত হ ‘ বই লাগিব আৰু ইয়াৰ বাবে প্রয়ােজনীয় কৰ্মচাৰী নিয়ােগ কৰিব লাগিব ।

৩ । বন বিষয়া – কর্মী আৰু শ্ৰমিকৰ যিসকলে চিৰিয়াখানা , নাছাৰী , বন্যপ্রাণী , গছপুলিত পানী দিয়া , টহল আদিৰ কার্যত নিয়ােজিত সেইসকলৰ কাম – কাজ অব্যাহত থাকিব ।

** বাধ্যতামূলকভাৱে কোৱাৰেন্টাইনত থাকিবলগীয়া ব্যক্তিৰ ক্ষেত্ৰত প্রযােজ্য ::

১ । স্বাস্থ্য বিভাগে চিনাক্ত কৰা লােকসকলে নির্দেশ অনুসৰি কোৱাৰেটাইনত থাকিব লাগিব । ইয়াৰ সময়সীমা নির্ধাৰণ কৰিব স্থানীয় কর্তৃপক্ষই ।

২ । কোৱাৰেন্টাইন ভংগ কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১৮৮ মর্মে আইনী ব্যবস্থা লােৱা হ ‘ ব ।

৩ । চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পাছত ভাৰতত উপস্থিত হৈ কোৱাৰেন্টাইনত থকা লােকসকলক তেওঁলােকৰ ম্যাদৰ অন্ত পৰাৰ পাছত আৰু ক ’ ভিড – ১৯ প্রতিবেদন নিগেটিভ হােৱাৰ পাছত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে নির্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি মুকলি কৰি দিয়া হ ‘ ব ।

তেল আৰু গেছ খণ্ডৰ কাম – কাজ মুকলি থাকিব । ইয়াৰ সংশােধন , সৰবৰাহ , বিতৰণ , মজতকৰণ আৰু ট্রেল – ডিজেল – কেৰাচিন , চি এন জি , এল পি জি , পি এন জি আদিৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।

ডাক সেৱা খােলা থাকিব ।

পৌৰ অঞ্চল , স্থানীয় নিগম – নিকায় আদি অঞ্চলত পানী যােগান , চাফাই আৰু আবর্জনা ব্যৱস্থাপনাৰ কাম – কাজ চলি থাকিব ।

সকলাে মালবাহী বাহনৰ চলাচল অব্যাহত থাকিব । মালবাহী ৰেল , বিমান , আদিৰ চলাচল অব্যাহত থাকিব ।
সকলাে ধৰণৰ ট্রাক আৰু অন্যান্য সামগ্রী কঢ়িয়াই নিয়া যানবাহন দুজন চালক আৰু এজন সহায়কসহ চলাচল কৰিব পাৰিব ।

ট্ৰাকৰ মেৰামতিৰ দোকান আৰু ঘাইপথত থকা ধাবা ৰাজ্য চৰকাৰসমূহে নির্দিষ্ট কৰি দিয়া দূৰত্ব অনুসৰি মুকলি কৰা হ ‘ ব ।

অত্যাৱশ্যকীয় সামগ্রী সৰবৰাহ আৰু ইয়াৰ স ‘ তে জড়িত থকা কাম – কাজত শিথিলতা প্রদান কৰা হৈছে ৷

গেলামালৰ দোকান আৰু অত্যাৱশ্যকীয় সামগ্রী বিক্ৰী কৰা দোকান , ৰেছন দোকান , ফলমূল । আৰু শাক – পাচলি , গাখীৰ আৰু দুগ্ধজাত সামগ্রী , মাছ – মাংসৰ দোকান , পশুখাদ্য বিক্ৰী আদি দোকান মুকলি থাকিব । এই ক্ষেত্ৰত দোকান বন্ধ আৰু ভােলাৰ সময়ৰ কোনাে বাধা নাথাকিব । অৱশ্যে সামাজিক দূৰত্ব ৰক্ষাৰ নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব । জিলা প্রশাসনে মানুহৰ চলাচল হ্ৰাস কৰিবলৈ হােম ডেলিভাৰীৰ ব্যৱস্থা ল ‘ ব পাৰে ।

ক ’ ভিড- ১৯ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নির্দেশনা ৰাজহুৱা স্থানৰ ক্ষেত্ৰত::
১ । সকলাে ৰাজহুৱা স্থান আৰু কর্মস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।

২ । ৰাজহুৱা স্থান , কর্মস্থলী আৰু যানবাহনত সকলাে লােকেই কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে জাৰি কৰা গাইডলাইন অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ।

৩ । ৰাজহুৱা স্থানত পাঁচজনতকৈ অধিক লােক একেলগে থাকিব নােৱাৰে ।

৪ । বিবাহ আৰু অন্ত্যেষ্টিক্রিয়া আদি সমাবেশ জিলা উপায়ুক্তই নিয়ন্ত্রণ কৰিব লাগিব ।

৫ । ৰাজহুৱা স্থানত থু পেলালে জৰিমনাসহ শাস্তিযােগ্য হ ’ ব ।
কর্মস্থলীত কৰণীয় ::
৬ । সুৰা , গুটখা , ধপাত আদিৰ বিক্ৰীৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা আৰােপ কৰা হৈছে ।

৭ । সকলাে কর্মস্থলীতে শৰীৰৰ তাপমাত্রা জোখাৰ ব্যৱস্থা থাকিব লাগিব আৰু ছেনিটাইজাৰ ৰাখিব । লাগিব ।

৮ । কর্মস্থলীসমূহত কৰ্তব্যৰ সময় ( শ্বিফট ) সলনিৰ মাজত এঘণ্টা ব্যৱধান থাকিব লাগিব আৰু সকলাে কৰ্মচাৰীয়ে একে সময়তে দুপৰীয়াৰ আহাৰৰ বিৰতিৰ বাবে নগৈ ভাগে ভাগে যাব লাগিব । এই ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ।

৯ । ৬৫ বছৰৰ ওপৰৰ লােক আৰু পাঁচ বছৰ বয়সৰ তলৰ শিশুৰ পিতৃ – মাতৃক ঘৰৰ পৰা কাম কৰাৰ সুবিধা দিব পাৰি ।

১০ । সকলাে প্রতিষ্ঠানে কার্যালয়সমূহ শিটৰ মাজে মাজে ছেনিটাইজ কৰিব লাগিব ।

১১ । কর্মস্থানত বৃহৎ পৰিসৰৰ বৈঠকত নিষেধাজ্ঞা আৰােপ কৰা হৈছে ।

১২ । সঘনাই ছুই থকা স্থানসমূহ সঘনাই মচি থকাটো আৰু সঘনাই হাত ধুই থকাটো বাধ্যতামূলক ।

১৩ । উত্তম পৰিচ্ছন্নতাৰ অভ্যাস সন্দৰ্ভত সঘন বার্তালাপ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব ।