সমগ্ৰ পুর্বোত্তৰৰ চেনেল পাৰ্টনাৰক ক’ভিড ছেফটি কিট বিতৰণ ডালমিয়া চিমেণ্ট(ভাৰত লিমিটেডৰ)

107

ষ্টাফৰিপ’ৰ্টাৰ,মহামাৰীৰ এই সময়ছোৱাত ব্যক্তিগত স্বাস্থ্যবিধি আৰু স্বাস্থ্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ অৰ্থে ডালমিয়া চিমেণ্ট( ভাৰত) লিমিটেডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ২৫০০ ৰোধিক চেনেল পাৰ্টনাৰক ক’ভিড ছেফটি কিট বিতৰণ কৰে। এই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি ডালমিয়া চিমেণ্ট(ভাৰত) লিমিটেডৰ কাৰ্যবাহী সঞ্চালক সুনীল আগৰৱালাই কয়”-যদিও আমি সকলোৱে ব্যৱসায় কাম -কাজৰ সাধাৰণ অৱস্থালৈ আহিবলৈ চেষ্টা কৰিছো, তথাপিতো সাম্প্ৰতিক পৰিস্থিতি সাপেক্ষে প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা ব্যৱস্থা সমূহক আমি উপেক্ষা কৰিব নোৱাৰো। আমাৰ কাৰণে আমাৰ সতীৰ্থ আৰু অংশীদাৰ সকল অতিশয় গুৰুত্বপূৰ্ণ আৰু সেয়েহে এই ব্যৱস্থাৰ জৰিয়তে আমি তেওঁলোকক যতনত গুৰুত্ব আৰোপৰ প্ৰয়াস কৰিছো”। এই ছেফটি কিট দুই প্ৰকাৰৰ। ডিলাৰ কিট আৰু এআৰকিট উভয় কিটতে এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ, ফেচ মাস্ক, আৰু হেণ্ড গ্ল’ভছ আছে। ইয়াৰোপৰি ইয়াৰ সৈতে ক’ভিড ১৯ ৰ পৰা সুৰক্ষা লাভ কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সকলোবোৰ প্ৰয়োজনীয় ব্যৱস্থাৰ চিত্ৰৰে উপস্থাপন সম্বলিত এখনি গাইড বুক আৰু ডিলাৰ্ছ শ্বপৰ কাৰণে ক’ভিড ছেফটি প’ষ্টাৰ আছে। উৎপাদন ক্ষেত্ৰসমূহত কৰ্মৰত মিস্ত্রী নিৰ্মাণ শ্ৰমিক সকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৭০০০ ৰোধিক মিস্ত্ৰী ৬০০ ৰো কনট্ৰেক্টৰ,আৰু ১৫০ৰোধিক কৰিকৰক ক’ভিড ছেফটি কিট আগবঢ়োৱা যায়।