সন্ত্ৰাসবাদীৰে গোপন সম্পৰ্কঃ জম্মু-কাশ্মীৰত ১১ জন চৰকাৰী কৰ্মচাৰীক নিলম্বন

113

প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সন্ত্ৰাসবাদ তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত জম্মু-কাশ্মীৰৰ ১১ গৰাকীকৈ চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰা হৈছে। নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত আছে দুজনকৈ শিক্ষক আৰু দুজন জম্মু-কাশ্মীৰ আৰক্ষীৰ কনিষ্টবলো।

ইফালে চৰকাৰী চাকৰিত নিয়োজিত মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ছলাহউদ্দিনৰ দুই পুত্ৰকো আজি নিলম্বন কৰা হয়। অভিযোগ অনুসৰি, ছলাহউদ্দিনৰ পুত্ৰ সহিতে নিলম্বিত আটাইকেইজন চৰকাৰী কৰ্মচাৰীয়ে লস্কৰ-এ-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছিল আৰু আৰক্ষীৰ গতি-বিধিৰ বিষয়ে গোপনে খবৰ যোগান ধৰিছিল।

নিলম্বিত চৰকাৰী কৰ্মচাৰী কেইজনৰ ৪ জন অনন্তনাগত, ৩জনক বুডগামত আৰু বাৰামুল্লা, শ্ৰীনগৰ, পুলৱামা আৰু কুপৱাড়াত এজনকৈ কৰ্মচাৰীক নিলম্বন কৰা হৈছে। নিলম্বিত সকলৰ দুজন শিক্ষক, দুজন কনিষ্টবল হোৱাৰ উপৰিও দক্ষতা বিকাশ, কৃষি ক্ষেত্ৰ আৰু স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী চাকৰিত নিয়োজিত হৈ আছিল আৰু গোপনে সেনা-আৰক্ষীৰ গতি বিধি সন্ত্ৰাসবাদীক যোগান ধৰি জম্মু-কাশ্মীৰত অৰাজকতা সৃষ্টিত সহায় কৰি আহিছিল।