শৰতৰ সুগন্ধি লৈ আহিছে দুৰ্গোৎসৱ, জনাইছোঁ শুভেচ্ছা

96

ডিজিটেল ডেস্ক: আজি ষষ্ঠী। জোনাকৰ শুভ্ৰ আচল গাত মেৰিয়াই শেৱালি ফুলাৰ বাটেৰে কোৰোনা কালৰ মাজতে দুৱাৰদলিত উপস্থিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। শক্তিৰ দেৱীৰ আৰাধনাত আজিৰে পৰা মুখৰিত হ’ব আকাশ-বতাহ।

এইবাৰ কোৰোনা স্থিতিৰ বাবে দুৰ্গা পূজাৰ ৰং ৰহইচ লোপ পালেও একেই আছে মা দুৰ্গাৰ প্ৰতি থকা হৃদয়ৰ ভকতি, পূজা বুলি ক’লেই অম্তৰত বাঢ়ি অহা উচাহ। সেয়ে আমি পূৰ্বত্তৰ অসমীয়াৰ পৰিয়ালৰ তৰফৰ পৰাও আপোনাক জনাইছো শাৰদীয় দুৰ্গোৎসৱৰ অযুত শুভেচ্ছা।

কিন্তু এইবাৰ আপুনি দুৰ্গোৎসৱ পালন কৰিলেও মানি চলক কোভিড প্ৰট’কল। মাস্ক পৰিধান কৰক, সামাজিক দুৰত্ব বৰ্তাই ৰাখক। ইতিমধ্যেই চৰকাৰে জাৰি কৰা নিৰ্দেশনাসমূহ পালন কৰক আপুনিও। পৰিস্থিতি সঁচাই বেয়া। সেয়ে পূজাৰ এই সময়ত দুচকীয়া বাহনত দুজন যাত্ৰী উঠাৰ পৰা বিৰত থাকক।

আপুনি, মই সতৰ্কতা অৱলম্বন কৰিলে মহিষাসুৰৰূপী কোৰোনাক ৰোধ কৰাত সফল হম। এই দুৰ্গা পূজাতে নাশ হব কোৰোনাৰ সন্ত্ৰাস। তাৰেই কামনাৰে আমি আকৌ এবাৰ আপোনাক জনাইছো দুৰ্গা পূজাৰ অলেখ শুভকামনা।