শ্বেৰমান আলীক গ্ৰেপ্তাৰ: কংগ্ৰেছৰ বিধায়িনী দলৰ জৰুৰী বৈঠক

97

বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ পিছতে অনুষ্ঠিত কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ জৰুৰী বৈঠকত। APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন আৰু কংগ্ৰেছ বিধায়কসকলৰ উপস্থিতিত এই বৈঠকতে দলে শ্বেৰমান আলী সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত লব। আনহাতে আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰিব বৈঠকত।

উল্লেখ্য যে, শ্বহীদক “ঘাতক” আখ্যা দিয়া শ্বেৰমান আলীৰ মন্তব্যৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভিন্ন দল-সংগঠনে বিধায়কজনৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমানক।