শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ দুগৰাকী প্ৰৱক্তা কোৰোনাত আক্ৰান্ত

81

নামতিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ দুগৰাকী প্ৰৱক্তাৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। জানিব পৰা মতে, মহাবিদ্যালয়খনৰ এগৰাকী প্ৰৱক্তা শাৰিৰীক অসুস্থতাৰ বাবে ১২ দিন মহাবিদ্যালয়লৈ অহা নাছিল। কিন্তু কোভিড আক্ৰান্ত হোৱা আন এগৰাকী প্ৰৱক্তাই যোৱা শনিবাৰেও পাঠদান কৰিছিল। দুয়োগৰাকী প্ৰৱক্তাই এতিয়া নিজ গৃহতে আইশ্যলেট হৈ আছে বুলি জানিব পৰা গৈছে।