শোকাবহ! চিকিৎসা গাফিলতিৰ বাবে পুনৰ মাজুলীত মৃত্যু ৰোগীৰ…

256

চিকিৎসা গাফিলতিৰ ফলত শুকুৰবাৰে পুনৰ নদীদ্বীপ মাজুলীত প্ৰাণ গ’ল আন এজন ৰোগীৰ।

এম্বুলেন্সৰ অভাৱৰ বাবেই লোকজনৰ মৃত্যু ঘটা বুলি অভিযোগ পৰিয়ালৰ।

মৃত লোকজনৰ পৰিয়ালৰ লোকে জনোৱা মতে, ‘১০৮’ নম্বৰত জৰুৰীকালীন নম্বৰত বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও তেওঁলোকে এম্বুলেন্স সেৱা লাভ কৰিব পৰা নাছিল।

নিহত লোকজনক মাজগাঁও নিৱাসী হোলীৰাম শইকীয়া বুলি জানিব পৰা গৈছে। বুকুৰ বিষৰ বাবে উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰোগীগৰাকীয়ে।

পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ ‘১০৮’ এম্বুলেন্স সেৱাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও বুকুৰ তীব্ৰ বিষ সহ্য কৰিব নোৱাৰি তেওঁৰ বাসগৃহতে মৃত্যুক সাৱটি লয় ৰোগীজনে।

তেজস্বীতা বৰুৱা আৰু আদিত্য পায়েঙৰ মৃত্যুৰ পিছত মাজুলীত চিকিৎসাৰ গাফিলতিৰ অভিযোগত এয়া তৃতীয়টো মৃত্যু।

উল্লেখ কৰিব পাৰি যে মাত্ৰ এদিন পূৰ্বে ‘১০৮’ত জৰুৰীকালীন নম্বৰত বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও এম্বুলেন্স সেৱা লাভ কৰিব নোৱাৰাৰ বাবে আদিত্য পায়েং নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাইছিল।