শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত সদনত উত্তপ্ত পৰিস্থিতি…

80

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনৰ আৰম্ভণিতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ল সদনত। সোমবাৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনৰ দ্বিতীয় দিনটোত অৰ্থাৎ মঙলবাৰে প্ৰশ্নত্তোৰ কালত বাধা দিয়াৰ বাবেই মৰিয়নীৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্শ্বাল লগাই এদিনৰ বাবে সদনৰ পৰা বহিস্কাৰ কৰা হয়।

জানিব পৰা মতে, সদনত কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী সমষ্টিত নগাই কেম্প পতা বিষয়টোক লৈ প্ৰশ্নৰ উত্থাপন কৰিব বিচাৰিছিল। কিন্তু বিধানসভাৰ অধ্যক্ষই বিধায়কজনক অন্য ৰুলৰ সময়ত এই প্ৰশ্ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ পিছতে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰূপজ্যোতি কুৰ্মীয়ে। তাৰ পিছতে অধ্যক্ষৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ বিধায়কগৰাকীক সদনৰ পৰা উলিয়াই দিয়া হয়।