শিৱসাগৰ জিলাৰ চাৰিঙত দেশীয় সুৰাৰ বিপণীক দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল নিবনুৱা সুৰক্ষা পৰিষদৰ সভাপতি আৰু দুজন ভুৱা সাংবাদিক। মঙলবাৰে আৰক্ষীয়ে খাপ পিটি শিৱসাগৰ নগৰৰ মাজমজিয়াৰ পৰা ভুৱা সাংবাদিক দুজনৰ লগতে ধনদাবী কাণ্ডৰ মূল খলনায়ক অপূৰ্ব শৰ্মা ওৰফে অপূৰাজ নামৰ নিবনুৱা সুৰক্ষা মঞ্চৰ তথাকথিত সভাপতিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযোগ অনুসৰি, অপূৰ্ব শৰ্মাই ভুৱা সাংবাদিক দুজনক লগত লৈ চাৰিঙত থকা এখন দেশীয় সুৰাৰ বিপনীত অভিযান চলাইছিল। তাৰ পিছতে সুৰা বিপনীখনৰ স্বত্বাধিকাৰৰ পৰা ১ লাখ টকাৰ ধন দাবী কৰিছিল নিবনুৱা সুৰক্ষা পৰিষদৰ সভাপতি আৰু ভুৱা সাংবাদিক দুজনে। কিন্তু এই অভিযানকালত অপূৰ্ব শৰ্মাৰ লগত আবকাৰী বিভাগ বা প্ৰশাসনৰ কোনো লোক উপস্থিত নথকাত সন্দেহৰ সৃষ্টি হয় সুৰা বিপনীখনৰ স্বত্বাধিকাৰৰ মনত।
তাৰ পিছতে সুৰা বিপনীখনৰ স্বত্বাধিকাৰে আৰক্ষীক ঘটনা সন্দৰ্ভত সবিশেষ জনোৱাত মঙলবাৰে পূৰ্বপৰিকল্পিত ভাবে শিৱসাগৰ নগৰৰ মাজমজিয়াত ধন নিবলৈ অহাৰ সময়তে শিৱসাগৰ আৰু গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপূৰ্ব শৰ্মা আৰু ভুৱা সাংবাদিক দুজনক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা সাংবাদিক দুজন ৰিণ্টু শেনচোৱা আৰু চন্দন গগৈ বুলি জানিব পৰা গৈছে।