শিক্ষামন্ত্ৰীৰ ঘোষণা- ২০২৪ৰ পৰা ৰাজহুৱা কৰা নহয় মেট্ৰিক-হায়াৰ চেকণ্ডাৰীৰ ফলাফল

126

২০২৪ৰ পৰা ৰাজহুৱা কৰা নহয় মেট্ৰিক আৰু হায়াৰ চেকণ্ডাৰী পৰীক্ষাৰ ফলাফল।

এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ।

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে।

তেওঁ কয় যে পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীসকলৰ একান্তই ব্যক্তিগত বিষয় আৰু এই সন্দৰ্ভত ওচৰ-চুবুৰীয়া বা আন কোনোৱে জনাৰ প্ৰয়োজন নাথাকে।

সেইবাবেই ২০২৩-২৪ৰ ভিতৰত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৰাজহুৱাকৈ ঘোষণা কৰা নহয়।

তাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীক মোবাইলযোগে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

অৱশ্যে শীৰ্ষ ১০টা স্থান লাভ কৰা শিক্ষাৰ্থী সকলৰ নাম, অথবা যিজন শিক্ষাৰ্থীৰ ফলাফলেৰে শিক্ষানুষ্ঠানখন গৌৰৱাম্বিত হয় তেনে শিক্ষাৰ্থীৰ ফলাফলৰ লগতে উত্তীৰ্ণ-অনুত্তীৰ্ণৰ হাৰ আদি পৰিসংখ্যা পূৰ্বৰ দৰেই ৰাজহুৱা কৰা হ’ব বুলি ঘোষণা কৰে ৰণোজ পেগুৱে।